পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭১১ ক্ষেত্ৰত (১) সংজ্ঞা দিয়ে। হে ভাৰত! তুমি মোক (অদ্বিতীয় ব্ৰহ্মক) সমস্ত ক্ষেত্ৰৰ ক্ষেত্ৰ বুলি জানিব। ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ পৃথক জানেই প্ৰকৃত জ্ঞান (২)।” “হে অৰ্জুন! এই দেহৰূপ ক্ষেত্ৰ কেনে প্ৰকৃতি, কেনে প্ৰবৃত্তি, কেনে ইন্দ্ৰিয়াসক্তিৰ; কেনে ক্ষেত্ৰৰূপ কাৰণৰপৰা কেনে কাৰ্য্য উৎপন্ন হয়; আৰু ক্ষেত্ৰজ্ঞৰ স্বভাৱ, প্ৰভাৱ আৰু স্বৰূপ কেনে, এই সমৰে তত্ব ভাজি কওঁ শুন॥-ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংজ্ঞাত নানা ঋষিৰ নানা মত। বশিষ্ঠাদি মুনিগণৰ বোগশাস্ত্ৰত ইয়াৰ সুক্ষ্মতত্ত্ব আছে। ঋগাদি বেদতো এই তত্ত্বৰ বিষয়ে বিস্তৰ কোৱা হৈছে; উপনিষদাদি ব্ৰহ্মপুত্ৰ ৰাশিতে। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ স্বৰূপ বৰ্ণনা পোৱা যায়। সেই সমৰে সাৰাংশৰ ব্যাখ্যা দিওঁ শুনাচমুকৈ কবলৈ গলে, পঞ্চমহাভূত (৩), অহঙ্কাৰ, বুদ্ধি, অব্যক্ত (৪), দশইন্দ্ৰিয়, মন, পঞ্চেন্দ্ৰিয় (%), ইচ্ছা, দ্বেষ, সুখ, দুখ, সংঘাত, চেতনা, ধৃতি, প্ৰভৃতি ক্ষিতিৰপৰা ধতিলৈকে সমস্তই বিকাৰ। এই বিকাৰবিশিষ্ট সামগ্ৰীয়েই ক্ষেত্ৰ।” (৬। . (১) “ইদং শৰীৰং কৌকোয় ক্ষেত্ৰমিত্যভিধীয়তে। এত যো বেভি তং এই ক্ষেত্ৰজ্ঞ ইতি তবিদ।” -গীতা, ত্ৰয়োদশ আধ্য, ২য় শোক। (২) ক্ষেত্ৰ মাৰচিত; কিন্তু ক্ষেত্ৰজ্ঞ মায়াৰ অতীত-গীতা, এয়োশ আধ্য। ৩য় শ্লোক। (৩) পঞ্চমহাভুত ক্ষিতি, অপ, তেজ, মৰুৎ ব্যোম। (৫) অব্যক্ত সংখামতে প্ৰকৃতি; বেদান্তমতে মায়া। (৩) পঞ্চেয়—শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। (৩) গীতা, অয়োণ আধ্যা, ৪-লোক।