পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩। আধ্যা। -00 .tour- অভেদাত্মা তত্ত্বজ্ঞান। জীৱ আৰু ব্ৰহ্মৰ অভেদ ভাব কি? শৰীৰ কি? সুখ, দুথ আদিৰ ভোক্তা কে? ভিভি শৰীৰত আত্মা ভিভি নে এক? ইত্যাদি বিষয়ক নিগুঢ় তত্ত্ব জানিবৰ অৰ্থে, আত্মজ্ঞান লাভলৈ প্ৰৱল ধাউতি থকা সিদ্ধাৰ্থ অৰ্জুনে গুৰুভক্তিৰে সৈতে শ্ৰীকৃষ্ণত সুধিলে, “হে কেশৱ। প্ৰকৃতি আৰু পুৰুষ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞেয় এই কেইটা বিষয়ৰ তত্ত্বজ্ঞান দান কৰি মোৰ হাবিয়াষ পূৰ্ণ কৰা”। (১) ভগৱান শ্ৰীকৃষ্ণই অতি হৰিষ, চিতেৰে এই বুলি সমিচাৰ দিলে, “হে কুন্তীনন্দন! দেহ জড় আৰু আত্মা চৈতন্তম্বৰূপ এই তত্ত্বজ্ঞান যি সকলে লাভ কৰিছে, সেই সকলে শৰীৰক ক্ষেত্ৰ (২) আৰু জীৱক (১) “প্ৰকৃতিং পুৰুষং চৈব ক্ষেত্ৰ ক্ষেত্ৰমেব চ। এতদ্বেদিতুমিচ্ছামি নং ভেংচ কেশৰ।” গীতা, ত্ৰয়োদশ আধ্য',১ম মোক। (২) য'ত আত্মাই থিত লৈ জন্ম-মৰণৰ আবৃত্তি ধৰে, সুখ-দুখ ভোগ কৰে, য'ৰপৰা আত্মাই মুক্তিলাভ কৰে, সেয়ে ক্ষেত্ৰ, অৰ্থাৎ শৰীৰ। বি শৰীৰত থাকি শুতাগুত কৰ্মনুষ্ঠন। ফলস্বৰূপ সুখ-দুখ সাদি ভোগ কৰে তেওঁৰেই ক্ষেত্ৰ, অৰ্থাৎ সচ্চিদানন্দপ অল্প।