পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

90b শ্ৰীকৃষ্ণ। কাৰ্য কৰি উঠিবগৈ নোৱাৰ, তেন্তে সমস্ত কৰ্ম্ম মোৰ গাতে ন্যস্ত কৰি, ইন্দ্ৰিয়াদি সংযত কৰি, নিত্য-নৈমিত্তিকাদি কৰ্ম্মৰ ফল কামনা পৰিত্যাগ কৰিব; কিয়ন নিষ্কাম কৰ্ম সাধনেই ভগৱৎ উপদেশৰ মুখ্য অভিপ্ৰায়। হে অৰ্জুন! অভ্যাসযোগতকৈ জ্ঞান শ্ৰেষ্ঠ; জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ; ধ্যানতকৈও কৰ্মফলভাগ বিশিষ্ট (১)। যি কাৰো অহিত নিচিন্তে, কাকো অহিতাচাৰী নাভাবে, কোনো বস্তুত স্পৃহা নাৰাখে, নিজত অহঙ্কাৰ নোপাহে, সুখে-দুখে সদায় অবিচলিত চিতেৰে ঈশ্বৰ ভজনা কৰে, তেওঁৱেই মোৰ প্ৰিয়। যি সদানন্দ, যোগনিষ্ঠ, সংযতচিত্ত, অটল বিশ্বাসী তেৱো মোৰ প্ৰিয়ভক্ত। যাৰ দ্বাৰাই অন্যজন সন্তপ্ত নহয়; অন্যজন যাৰ সন্তাপৰ কাৰণ হবলৈ নাপায়; যি হৰ্ষ, বিষাদ, ভয়, ব্যাকুলতা ইত্যাদিৰ অতীত, তেনে ভক্তও মোৰ অতি প্ৰিয়। যি নিস্পৃহ, শুচি, দক্ষ, উদাসীন, ব্যথাশূন্য, ত্যাগী, তেৱো মোৰ প্ৰিয়পাত্ৰ। যাৰ মানত শত্ৰু-মিত্ৰ, মান-অপমান, শীত-উষ্ণ, সুখ-দুখ সকলো সমান, আৰু যাৰ কোনো বস্তুতেই আসক্তি নাই, তেৱো মোৰ প্ৰিয়-ভক্ত বুলি জানিবা (২)। “হে অৰ্জুন! যাৰ মানত নিন্দা আৰু অতি দুয়ো সামান, যি মৌনব্ৰতী (৩), যি অলপতে সন্তুষ্ট, যি অন্যায়ৰহিত, যি স্থিৰমতি, যি (১) কাৰণ, ত্যাগৰ দ্বাৰাই বাসনা ক্ষয় হয়, আৰু তাৰ বাৰাই জন্মজন্মান্তৰৰ অদৃষ্ট বা ধৰ্মাধৰ্ম সঞ্চিত হোত প্ৰতিবন্ধক পৰিলেই জীৰৰ মুক্তি বা শান্তি লাভ -এখৰ দ্বামীকৃত টাকা। (২) গীত, বাদশ অধ্যা, ৫-১৮ শোক। (৩) যৌনাত চিন্তাশীল নিবিষ্টনা হিন্তি লোকৰ আচৰণ।