পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭০৭ আৰু যি ইক্ৰিয়াদি নিৰোধ কৰি অনিৰ্দেশ্য (১), অব্যক্ত, সৰ্বব্যাপী, অচিন্ত্য, কুটস্থ (২), অচল, ধ্ৰুৱ (৩) অক্ষৰ, নিগুণ স্বৰূপ বা নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰে, তেওঁ সেই নিগুণ স্বৰূপকে লাভ কৰে।” (৪)

  • এই দুই পন্থাৰ আৰু এটা ভেদ এই যে, নিগুণব্ৰহ্ম উপাসনা

অতি ক্লেশাধ্য (৫)। কিন্তু, হে পাৰ্থ, যি মৎপৰায়ণ হৈ, সমস্ত কৰ্ম মোতেই অৰ্পণ কৰি মোকেই (সগুণ ব্ৰহ্মক) উপাসনা কৰে, তেওঁ অচিৰে অজ্ঞান সংসাৰৰপৰা উদ্ধাৰ পায়। এতেকে, হে অৰ্জুন! তোমাৰ মন অন্য সমস্ত বস্তুৰপৰা টানি আনি মোতে নিবিষ্ট কৰা, বুদ্ধিবৃত্তিত সততে মোকে ধাৰণা কৰা; তাৰ ফলত আপোনা-আপুনি তোমাৰ আত্মজ্ঞান উদয় হব, আৰু মৰণৰ পাচত তুমি মোতেই (শুদ্ধ ব্ৰহ্মত) যে স্থিতি কৰিবা, তাত সংশয় নাই। আৰু, হে ধনঞ্জয়! সগুণ ব্ৰহ্মত যদি মতি স্থিৰ কৰিব নোৱাৰাগৈ, তেন্তে ভগৱৎ কৰ্মপৰায়ণ হব। (৬); কিয়নো ভগৱানৰ উদ্দেশে কৰ্ম অনুষ্ঠান কৰিলেও মোক্ষ লাভ কৰা যায়। যদি এই কেইবিধ বিধি অনুসৰি i (১) লৌকিক ভাষাৰে বাক নিৰ্দেশ কৰা নাযায়। (২) মিছা হৈয়ো যি সত্যত, সেয়ে কুট বা অজ্ঞান। সেই অজ্ঞানতত সম্বন্ধ ৰাখি যি অধিষ্ঠান কৰে তেওঁৱেই কুট। (৩) ধ্ৰুৱ অৰ্থত যাৰ পৰিণাম নাই, অৰ্থাৎ নিত্য। (৩) গীত, বাদশ অধ্যা, ২- শ্লোক। (৩) কিয়নো, নিৰ ব্ৰহ্মোপাসনাৰ অৰ্থে ব্ৰহ্মচৰ্য্য ধৰি এখনিষ্ঠ, বেদাত শ্ৰৱণ আদি কঠিন ব্ৰত পালন কৰিব লগীয়া হয়। (৬) ঈশ্বৰৰ নামকীৰ্তন শ্ৰৱণ, ভগৱানৰ গুণগান কীৰ্ত্তন, ভগৱৎ অৰণ, ভগৱৎ পূজন, ভগৱৎ বন ইত্যাদি কৰ্ম্মানুষ্ঠানৰ ৰাই চিত্তশুদ্ধি আৰু অজ্ঞান লাভ হলেই নিৰক্ষন লাভ।গীতসন্দীপনী।