পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। 90% এই বিশ্বাত্মক অনাদি অনন্ত তেজোময়ৰূপ দেখা পাল, অন্তৰ ভাগ্যত অদ্যাপি যি লাভ হোৱা নাই। গতিকে, বিশ্বৰূপ দেখি ভয় নাখা। বাৰু, তোমাৰ বাঞ্ছা পূৰ্ণ হওক, তুমি চকু মেলি (১) আগৰ চকুৰে (২) মোৰ আগৰ ৰূপ দৰ্শন কৰা।” সেই অনুযায়ী ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্বৰূপ দৰ্শন কৰি অৰ্জ্জুনে আশ্বস্ত হৈ নিবেদন কৰিলে, “হে জনাৰ্দন! তোমাৰ শান্তৰূপ দেখি এতিয়া মোৰ প্ৰাণ শত হৈছে।” (৩) সদৌশেহত ভগৱান শ্ৰীকৃষ্ণই এই বুলি উদগনি দি থলে, “হে অৰ্জুন! তুমি যি উজু উপায়েৰে (৪) বিশ্বৰূপ দৰ্শন কৰিল, দেৱতাসকলে তপস্যা কৰি আৰু ঋষি মুনিগণে বেদাধ্যায়ন কৰিও সেই দৰ্শন পাব পৰা নাই। হে পৰস্তুপ অৰ্জ্জুন! হে পাণ্ডৱ! যি একান্ত মনেৰে তোমাৰ দৰে মোক (পৰব্ৰহ্মক) ভজনা কৰিব, যি তোমাৰ দৰেই একাগ্ৰচিত্তেৰে মোৰ (পৰমাত্মাৰ) বিভূতি ধ্যান কৰিব পাৰিব, তেৱেঁই মোক (পৰমাত্মাক) অভেদাত্মাৰূপে পাব পাৰিব। (৫) (১) অৰ্থাৎ, ধ্যানভঙ্গ হৈ। চকু মুদি বিভূতি ধ্যানত অৰ্জন বিশ্বৰূপ দেখি ছিল; ধ্যান ক্ষান্ত দি চকু মেলা মাকে আগতে আকৌ কৃষ্ণৰূপ দেখা পাই তেওঁৰ চিত্ত প্ৰসন্ন হল। (২) অৰ্থাৎ, আগৰ চৰ্মচকুৰে। ধ্যানত চকু আৰু বাহানত চৰ্মচকু ব্যবহৃত হয়। (৩) গীতা, একাদশ সংখ্যা, ০৭ লোক। (০) ভগৱানৰ বিভূতি থ্যান। ৩) গ. একা পাখা, ২৫ সে।