পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9.8 শ্ৰীকৃষ্ণ “হে ভগৱান। তুমিয়েই বায়ু, যম, অগ্নি, বণ, চন্দ্ৰ, ব্ৰহ্মা আৰু ব্ৰহ্মাৰ পিতৃ; তোমাতপৰ আৰু কেও নাই। এতেকে, হে পৰমাত্মা! তোমাক সহস্ৰ সহস্ৰ বাৰ নমস্কাৰ কৰোঁ, তোমাক পুনঃ পুনঃ নমস্কাৰ কৰোঁ। হে সৰ্বস্বৰূপ! তোমাক বুকুৰ ফালে সেৱা কৰো, পিঠিৰ ফালে সেৱা কৰে, সোহাতে সেৱা কৰোঁ, বাওঁহাতে সেৱা কৰে॥ তুমি জগতৰ সৰ্বত্ৰত বিদ্যমান। গতিকে, তুমি সৰ্ব। হে প্ৰভো! তোমাৰ এই বিশ্বৰূপ অজ্ঞাত হেতুকে, তোক সময়ত কৃষ্ণ, যাদৱ, সখি ইত্যাদি বুলি সম্বোধন কৰিছে। সেইবাবে মোৰ সৰ্বদোষ ক্ষমা কৰিব॥ সমনীয়া ভাৱে কেতিয়াবা তোক ইতিকিং নকৰাকৈ থকা নাই, সেইবাবেও যেন, হে অচ্যুত মোৰ অপৰাধ মাৰ্জনা কৰিব। হে অপ্ৰতিম প্ৰভাব! তোমাৰ তুলনা তুমিয়েই (১), তোমাতপৰ আৰু কেও নাই। এতেকে, হে দেৱ! পিতৃয়ে পুত্ৰৰ, সখিয়ে মিত্ৰৰ, পতিয়ে পত্নীৰ অপৰাধ যি ৰূপে মাৰ্জনা কৰে, মোৰ সৰ্ব অপৰাধ তুমি সেইপে মাৰ্জনা কৰ॥ হে ভগৱান। মই তোমাৰ পূৰ্বৰ মোহনমূৰ্তি দেখিবলৈ অভিলাষী হৈ প্ৰাৰ্থনা কৰিছো, তুমি এই ভয়ঙ্কৰ বিশ্বমূৰ্ত্তি এৰি আকৌ সেই সৌম্য মূৰ্তি ধা। কিৰীটাদিৰে অলঙ্কৃত গদাপাশি কৃষ্ণৰূপ ধাৰণ কৰাঁ।” (২) অৰ্জুনৰ কাতৰ ব্যতিত তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই এই বুলি তেওঁক অভয় দান দিলে, “হে অৰ্জুন। তুমি একান্ত শৰণাগত ভক্ত হেতুকে, মোৰ (পৰমাত্মাৰ) বিভূতি ধ্যানত মোত (মৎকাপ পৰব্ৰহ্মত) (১) অপ্ৰতিম প্ৰভাব মানে "কমেৰিতীয়। এৰে যৌবন মূলমন্ত্ৰ। () গীতা, একাদশ অধ্যা, ৩৯=।