পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯৩
শ্ৰীকৃষ্ণ
 

যক্ষ-ৰাক্ষসগণৰ মাজত কুবেৰ, অষ্টবসুৰ [(১)] মাজত অগ্নি, পৰ্ব্বতগণৰ মাজত সুমেৰু [(২)]।” [(৩)]

 “হে পাৰ্থ! মোক পুৰোহিতগণৰ মাজত বৃহস্পতি, সেনাপতিসকলৰ মাজত কাৰ্ত্তিকেয়, জলাশয় সমূহৰ মাজত সাগৰ বুলি জানিবাঁ; মই মহৰ্ষিগণৰ মাজত ভৃগু, বাক্য সমূহৰ মাজত একাক্ষৰ ওঁঙ্কাৰ, যঞ্জসমূহৰ মাজত জপজপ যজ্ঞ, স্থাৱৰজঙ্গমৰ ভিতৰত হিমালয়; বৃক্ষ সমূহৰ মাজত অশ্বত্থ, দেৰ্ষিৰ ভিতৰত নাৰদ, গন্ধৰ্ব্বৰ মাজত চিত্ৰৰখ [(৪)], সিদ্ধসকলৰ মাজত কপিলমুনি [(৫)]; ইসৱ মোৰ বিভুতি। মোক অশ্বগণৰ মাজত অমৃতমন্থনৰ কালত উৎপন্ন হোৱা উচ্চৈঃশ্ৰৱা, হস্তীৰ মাজত ঐৰাৱত [(৬)], মানুহৰ মাজত ৰজা বুলি জানিবাঁ; মই অস্ত্ৰসমূহৰ মাজত ব্ৰজ [(৭)], ধেনুগণৰ মাজত কামধেনু [(৮)], পুত্ৰ উৎপাদনৰ অৰ্থে কন্দৰ্প, সৰ্পজাতিৰ ভিতৰত বাসুকি [(৮)]; নাগগণৰ মাজত অনন্ত


^  অষ্টবসুঃ— ভব, ধ্ৰুব, সোম, বিষ্ণু অনল, অনিল, প্ৰত্যুষ আৰু প্ৰভব।
^  পৰ্ব্বতৰ ভিতৰত সুমেৰু স্বৰ্ণৰত্নাদি বিভুতিৰ প্ৰধান আকাৰ।
^  গীত, দশম আধ্যা, ১৯—২৩ শ্লোকৰ সংযোগব্যাখ্যা।
^  ৰূপত অতুলন আৰু সঙ্গীত বিদ্যাত অগ্ৰগণ্য বাৰে চিৰথ ভগৱানৰ প্ৰিয়

বিভুতি।

^  ধৰ্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বাৰ্য্যাদিৰ বলত কপিল মুনি সকলো সিদ্ধতকৈ

শ্ৰেষ্ঠ।

^  ঐৰাৱত দেৱৰাজ ইন্দ্ৰৰ বাহন হেতুকে শ্ৰেষ্ঠ।
^  বজ্ৰাস্ত্ৰ দধীচিমুনিৰ অস্থিজাত বজ্ৰত তপঃযুত তীক্ষ্ণতা বৰ্ত্তমান।
^  যেয়ে যেতিয়াই যিহকে প্ৰাৰ্থনা কৰে, কামধেনুৰ ওচৰত সিয়ে তেতিয়াই

তাকে লাভ কৰে।

^  বাসুকি সৰ্পৰাজ; গতিকে আটাইতকৈ বিষাল।