পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৯৪ (১), জলচৰৰ ভিতৰত বৰুণ, পিতৃগণৰ (২) মাজত অৰ্য্যম, নিয়ম বিহোতাৰ মাজত যম; ইসৰৱ মোৰ বিভূতি বুলি জানিব। মোৰ বিভুতি দৈত্যৰ মাজত প্ৰহ্লাদ, সংখ্যাগণকৰ মাজত কাল, পশুৰ মাজত মৃগেন্দ্ৰ (সিংহ), পক্ষীৰ মাজত গৰুড়; বেগীৰ মাজত মই পৱন; ধনুৰ্ধৰৰ ভিতৰত মই ৰাম; মাছৰ মাজত মই মকৰ (৩); নৈৰ ভিতৰত মই গঙ্গা।” (3) “হে অৰ্জুন! সৃষ্ট বস্তুবোৰৰ (৫) উৎপত্তি, স্থিতি আৰু প্ৰলয়ৰ কাৰণ ময়েই; বিদ্যাৰ ভিতৰত অধ্যাত্ম বিদ্যা (৬) ময়েই; তাৰ্কিকৰ মাজত বাদ (৭) নামক তৰ্ক ময়েই; অক্ষৰ সমূহৰ মাজত মই অকাৰ; সমাসৰ মাজত মই দ্বন্দ-সমাস। ময়েই অক্ষয় কাল, ময়েই কৰ্মফলদাতসকলৰ মাজত কৰ্ম্মফল-বিধাত। ঈশ্বৰ; মই সংহাৰীৰ ভিতৰত মৃত্যু, ভাবি কল্যাণৰ মাজত অভ্যুদয়, নাৰীগণৰ মাজত মই কীৰ্তি, শ্ৰী, বা, স্মৃতি, মেধা, ধূতি আৰু ক্ষমা; গীতিৰূপ সামসমূহৰ ভিতৰত মই বৃহৎসাম (ইন্দ্ৰৰ জুতি-গীতি); ছন্দ সমূহৰ মাজত মই (১) নাগ সৰ্পৰপৰা সুকীয়া; সৰ্প বিষধ, নাগ বিষহীন। নাগজ অনন্ত বিষ্ণুৰ বাহন। (২) পিতৃগণ-অগ্নিঘাত, সৌম্য, উম্মপ, সুকালী, হবি, ববিৎ আৰু আজাপ। (৩) মকৰ গঙ্গাদেবীৰ বাহন। (৩) গীতা, দশম আধ্যা, ২৪-৩১ শ্লোক। (৩) অচেতন জগত। চেতন জগতৰ কথা কৈ অহা হৈছে। (৩) এই বিদ্যাৰ বৰাই জীৱৰ ব্ৰহ্মত্ব বুদ্ধিৰ উদয় হয়। (৭) -শিষ্য আৰু সৰ্জনৰ মাজত সত্যতথ্য নিৰূপণাৰ্থে যি প্ৰণোদি হয় তাৰ নাম।