পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যথাৰ্থতে ভগৱৎ আৰাধনা কৰে। যাৰ মন-প্ৰাণ ভগৱানময় হয়, সেই ভগৱম্ভক্তই পৰস্পৰে ভগৱৎ কীৰ্তনত পৰম শান্তি লাভ কৰে। যি একাগ্ৰচিতেৰে মোক ভজনা কৰে, তেওঁক মই বুদ্ধিযোগ প্ৰদান কৰে, যাতে তেওঁ অনায়াসে মোক লাভ কৰিব পাৰে। সেই ভক্তৰ অন্তৰত থিত লৈ মই তেওঁৰ মনৰপৰা অজ্ঞান-আন্ধাৰ জ্ঞানবুদ্ধি পোহৰেৰে নাশ কৰোঁ।” (১) ভগৱান শ্ৰীকৃষ্ণৰ জ্ঞানগৰ্ভ শাস্ত্ৰমূলক ভগৱষ্যাখ্যা একাগ্ৰচিত্তেকে শ্ৰৱন কৰি তন্ময় হৈ ভক্তশিষ্য মহাবাহু অৰ্জুনে ব্যাকুল অন্তৰেৰে পৰমগুৰু শ্ৰীকৃষ্ণত এই বুলি সভক্তি নিবেদন জ্ঞাপন কৰিলে, “হে ভগৱান! তুমিয়েই পৰব্ৰহ্ম, পৰম আশ্ৰয়, তুমি পৰম পৱিত্ৰ। দেৱষি নাৰদ আৰু অসিত, দেবল আৰু ব্যাস আদি মুনিগণে তোক নিত্য, স্বপ্ৰকাশ, আদিদেৱ, জন্মৰহিত আৰু সৰ্বব্যাপী পৰমাত্মা পুৰুষ বুলি ব্যাখ্যা কৰিছে। এতিয়া স্বয়ং তোমাৰপৰাও মই ঠিক সেই একে ব্যাখ্যাকে লাভ কৰি চৰিতাৰ্থ হৈছে। হে কেশৱ। মই সকলো তথ্যজ্ঞান সত্য বুলি গ্ৰহণ কৰিছে। প্ৰভো! তোমাৰ মহিমা দেৱ- দানৱেও বুজিব নোৱাৰে। হে পুৰুষোম! হে ভুতভাৱন! হে ভূতেশ! হে দেৱদেৱ! হে জগতপতে! তুমি নিজেই হে নিজক বুজিব পাৰিছা, অন্যে তোমাৰ স্বৰূপ কি বুজিব।” (২) “হে ভগৱান। তুমি যি বিভূতিৰ যোত সৰ্বলোক বিয়াপি আছ, সেই বিভুতিৰাশিৰ সম্যক ব্যাখ্যা তোমাৰ স্বচনেৰে শুনিবলৈ বাঞ্ছা কৰোঁ; কিয়নো অন্তৰপৰা সেই সম্যক ব্যাখ্যা সম্ভৱপৰ নহয়। হে যোগিব। তোমাৰ বিভুতি অনন্ত; এতেকে কোন্ বিভুতিৰে সৈতে (১) গীতা, দশম অধ্যা, ৬-১১ ঠোকৰ সংবোগব্যাখ্যা। (২) গীতা, দশম আধ্যা, ১২-১৫ গোকৰ সংযোগ্যাখ্যা।