পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। আৰু অপযশ প্ৰাণীবৰ্গৰ এই সমুদায় ভিভি ভাব (১) মোৰ পৰাই উৎপন্ন; এই সমস্ত বৃত্তিৰ উৎপাদনৰ এক মূলাধাৰ মাখোন মই (পৰব্ৰহ্ম)। (২) “হে অৰ্জুন। কেৱল সাধাৰণ জীৱগণেই যে মোৰ (ভগৱানৰ) বিভূতিৰপৰা উৎপন্ন হৈছে, এনে নহয়; প্ৰজাস্ৰষ্টা চতুৰ্দশ মনু (৩), বেদপ্ৰচাৰক সপ্তৰ্যি (৪), আৰু তৎপুৰ্ববৰ্তী চাৰি মহৰ্ষি (৫) এই সকলো মোৰপৰাই (ভগৱৎসৱাৰপৰা) উৎপন্ন হৈছে। যি মোৰ বিভুতি আৰু যোগ বিষয়ক তত্ত্বজ্ঞান লাভ কৰিছে, তেওঁৱেই যথাৰ্থতে সমাহিত, তেওঁৰ অবিদিত একো নাই। ময়েই এই জগৎ উৎপত্তিৰ কাৰণ, মোৰপৰাই জ্ঞান-বুদ্ধিৰ উৎপত্তি, এই কথাত যাৰ স্থিৰ বিশ্বাস, তেওঁৱেই (১) সুক্ষ্মাৰ্থবোধক শক্তিৰ নাম বুদ্ধি; আত্ম-অনাত্ম পদাৰ্থৰ বিচাৰশক্তিৰ নাম জ্ঞান জ্ঞাতব্য আৰু কৰ্তব্যৰ অৰ্থে অব্যাকুলতাৰ নাম অহংমোহ; দণ্ড বিধায়ক প্ৰবৃত্তিক নিবৃত্ত কৰা শক্তিৰ নাম ক্ষমা; স্বৰূপ নিৰূপন প্ৰবৃত্তিৰ নাম সত্য; ইন্দ্ৰিয়গণক নিবৃত্ত কৰা শক্তিৰ নাম দম; যি বৃত্তিৰ প্ৰভাৱত শব্দাদি বিষয়ে অক্ত- কৰণত ঠাই নাপায়, তাৰ নাম শম। অৱস্থাত চিত্ত প্ৰসন্ন হয়, তাৰ নাম মুখ; যি জীৱৰ পৰিতাপৰ কাৰণ, সিয়ে দুখ; উৎপত্তিৰ নাম ভ; অসত্তাৰ নাম অভাব। আশঙ্কাত; নিঃশঙ্কত অভয়; জীৱক দুখ নিদিবৰ প্ৰবৃতিয়েই অহিংসা! ইষ্টানিষ্ট গন্বেদিশত অৱস্থাই সমতা; তৃপ্তিলাভৰ নাম তুষ্টি। তসাধনৰ নাম তপঃ; অচিতে বিলোবাৰ নাম দান; প্ৰশংসাৰ নাম যশ; লোকাপৰাৰ নাম অপযশ।গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দস্বামী। (২) গীতা, দশম অধ্যা, মোকৰ সংবোগব্যাখ্যা। (৩) চতুৰ্দশ মনু-স্বায়ব, স্বাৰোচিব, উত্তম, তামস, ৰৈবত, চাকু, বৈবস্বত, সবণি, লক্ষৰণি, ব্ৰহ্মৰণি, ধৰ্মসাৰণি, সাবণি, দেৱৰণি,ইন্দ্ৰসাৰৰি। () সপ্তৰ্ষি,-, মৰীচি, অত্ৰি, পুলস্ত্য, পুলহ, বণিত, ফতু। (৩) চাৰি মহৰ্ষি সনৎকুমাৰ, সনক, সনল, সাল।