২৩। আধ্যা। ধ্যানযোেগ। ভগৱান-বিভুতি,স্বপ্ৰকাশ। ইয়াৰ আগৰ নিটা ছেদত (১) ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মাৰ স্বৰূপ আৰু বিভূতিৰাশিৰ (২) চমু ব্যাখ্যা বা তাৰ আভাস মাথোন দিছিল। এই ছেদত ভগৱানে ধ্যান সুগমাৰ্থে তাৰ বিশদ ব্যাখ্যা দিবলৈ প্ৰিয়- শিষ্য অৰ্জ্জনক এই বুলি সম্বোধন কৰিলে, “হে মহাবাহহ! তুমি মোৰ ব্যাখ্যা সুন্দৰকৈ হৃদয়ঙ্গম কৰি আহিছ, গতিকে তোমাৰ পূৰ্ণ হিতাৰ্থে তোমাক আৰু এথাপি সদুপদেশ দিও, মন পাৰি শুনি।” (৩) “দেৱতাসকল আৰু মহৰ্ষিগণে আয়ত্ত কেিব মোৰ প্ৰভাৱ নোৱাৰে। কিয়নো মই সিবিলাকৰৰ আদিকাৰণ, অৰ্থাৎ ময়ে সিবিলাকৰ উৎপাদক আৰু বুদ্ধিৰ প্ৰৱৰ্তক। যি অনাদি-অনন্ত পৰব্ৰহ্মৰ স্বৰূপ জ্ঞান লাভ কৰে, তেওঁ জীৱৰ কায়-মন-বাক্যকৃত বিবিধ পাপ, ভূত-ভবিষ্যত বৰ্তমানৰ পাপৰাশি, আৰু পাপবুদ্ধিৰ বীজ অবিদ্যা আৰু মহামোহৰপৰা নিষ্কৃতি লাভ কৰে। বুদ্ধি, জ্ঞান, অহংমোহ, ক্ষমা, সত্য, দম, শম, সুখ, দুখ, ভব, অভাব, ভয়, অভয়, অহিংসা, সমতা, তুষ্টি, তপ, দান,যশ (১) গীতাৰ ৭ম, প্ৰ, আৰু , আধ্যা। (২) ভগৱানৰ প্ৰকাশৰ আহিলা-পাতি, অৰ্থাৎ প্ৰকৃতি পদাৰ্থ সমূহ। (৩) গীতা, পশম আধ্যা, ১ম শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৫
অৱয়ব