পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। bile স্বতন্ত্ৰ ভাবে। ইত্যাদিকে ভি ভি পন্থাত ভগৱানক আৰাধনা কৰা যায়। কিন্তু, হে অৰ্জুন, ময়ে বেদ, ময়ে যজ্ঞ, ময়ে শ্ৰদ্ধ (পিতৃযজ্ঞ ), ময়ে ঔষধ, ময়ে মন্ত্ৰ, ময়ে হোমৰ ঘিউ, ময়ে অগ্নি, ময়ে হোম (১), ময়ে এই জগতৰ পিতৃ, ময়ে মাতৃ, ময়ে ধাত, ময়ে পিতামহ, ময়ে জ্ঞেয়, ময়ে পান, ময়ে ওঁকাৰ (প্ৰণৱ), ময়ে ঋগ্বেদ, ময়ে সামবেদ, ময়ে যজুৰ্বেদ (২), ময়ে গতি, ময়ে ভৰ্তা, ময়ে প্ৰভু, ময়ে সাক্ষী, ময়ে নিবাস, ময়ে ক্ষক, ময়ে সুহৃৎ, ময়ে প্ৰভৱ, ময়ে স্থান, ময়ে নিধান, ময়ে প্ৰলয়, ময়ে অবিনাশী বীজ (৩)। হে পাৰ্থ! ময়ে উত্তাপ দান কৰোঁ, মৰে পানী আকৰ্ষণ কৰে, ময়ে ঘুৰি বৰষুণ দিওঁ; ময়ে অমৰ আৰু মৰণ স্বৰূপ, ময়ে সৎ আৰু অসৎ স্বৰূপ (৪)। যি সকল বেবি পুণ্যাত্মাই কাম্য (১) যেয়ে যি ভাবেই বা যি পন্থাৰেই পুজা কৰক লাগে, সেই পুজা স্বয়ং ভগৱানেই গ্ৰহণ কৰে, মাথোন বিশুদ্ধ আৰু সৰল হব লাগে। (২) ভগৱানেই জগৎ সৃষ্টি কৰিছে, গতিকে তেওঁ জগতৰ পিতৃ-মাতৃ; ভগৱানেই জগতৰ ৰক্ষাকৰ্তা আৰু পাপ-পুণ্যৰ ফলদাতা, সেই হেতুকে তেওঁ বিধাতা; ভগৱান ব্যক্ত আৰু অব্যক্তৰ অতীত, সেই কাৰণে তেওঁ পিতামহ ভগৱানক চিত্তশুদ্ধিৰে জানিব পাৰিলেই জীৱই শুদ্ধিলাভ কৰে, সেই বাবে তেওঁ পৱিত্ৰ। (৩) ভগবান জগতৰ ব্যৱস্থাপক, গতিকে তেওঁ ভক্ত; ভগৱানৰপৰা অৰকৈ কোনো কৰ্ম কৰা নাযায়, তদৰ্থে তেওঁ সাক্ষী; তেওঁ প্ৰভৰ, কাৰণ তেওঁ উৎপত্তিব মূল; তেওঁ স্থান, কাৰণ জগত তেওঁতে অবস্থিত। কিয়নো তেওঁ জগত বিনাশৰ হেতু। মুঠতে, ভগবানেই সৃষ্টি-স্থিতি-প্ৰলয়কা। গীতাৰ্থ সন্দীপনী, কৃষ্ণানন্দ স্বামী। (৩) ভগৱান পৰমাক্সা, নিত্যবৰ্তমান, সেই কাৰণেই তেওঁ সৎ। অনিত্য ব্যক্তপ আগতে তেওঁৱেই, সেই হেতুকে তেওঁ অসং-ধৰামীকৃত টাকা। তেও প্ৰলয়,