পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ubur (পৰমাৰ) লিময়ী (১) প্ৰকৃতিত লিপ্ত হয়। চৈতন্যপ পৰমাত্মা তেতিয়াও স্বতন্ত্ৰ থাকে। পুনৰপি সৃষ্টিকালত সেই প্ৰকৃতিস্থ বীজৰপৰা তত্ত্ব সংগ্ৰহ কৰি সৃষ্টি ৰচনা কৰা হয়। আৰু, প্ৰকৃতিকে আশ্ৰয় কৰি তাৰ প্ৰভাৱত বাৰবাৰ জীৱবস্তু প্ৰণয়ন কৰা হয়। ধনঞ্জয়! উদাসীন পুৰুষৰূপ পৰব্ৰহ্ম সৃষ্টিক্ৰিয়াদিত আসক্ত নথকাৰ হেতুকে, তাত মই (পৰমাত্মা) বান্ধ নাথাওঁ; অথচ মোৰ অধিষ্ঠান হেতুকেই প্ৰকৃতিয়ে (২) বাৰবাৰ নানাৰূপে স্থাৱৰজমাত্মক জগৎ প্ৰসৱ কৰে। হে অৰ্জুন! অবিবেকী লোকে মাথোন মোৰ সৰ্বভুতা- পৰমেশ্বৰৰূপ পৰমাৰ্থতত্ত্ব উপলব্ধি কৰিব নোৱাৰি মোৰ মানৱমূৰ্ত্তিৰ প্ৰতি অৱজ্ঞা (৩)। নিস্ফলকাম, নিস্ফলকৰ্ম্মা, বিফলজ্ঞান, বিচাৰবিহীন পুৰুষ সততে ৰাক্ষসী, আসুৰী আৰু মোহিনী প্ৰকৃতিপ্ৰাপ্ত হয়। কিন্তু, হে পাৰ্থ, যি সকলে দৈবপ্ৰকৃতিক আশ্ৰয় কৰি ঈশ্বৰৰ প্ৰতি একান্তমতি হয়, সেই সকল পুণ্যাত্মাই মোক সৰ্বভুতৰ অবিনাশী কাৰণ বুলি জানি ভজনা কৰে।” (৪) “মহাত্মাগণে নিত্য সমাহিত হৈ ব্ৰহ্মজ্ঞান লাভাৰ্থে সততে ভগৱানৰ নাম-কীৰ্ত্তন কৰে। কোনো কোনো মহাত্মাই জ্ঞানৰূপ যজ্ঞানুষ্ঠানেৰে ভগৱানৰ পূজা কৰে; কোনোৱে আকৌ ভগৱানক (১) বিস, ৰজ, তমঃ। (২) প্ৰকৃতি মায়াৰেই নামান্তব মাথোন; গতিকে ব্ৰহ্মৰপৰা প্ৰকৃতিৰ প্ৰত অস্তিত্ব নাই। এতেকে, পৰৰহ্মৰ মহিলাৰূপ মায়াতেই জীৱ আৰু জগৎ প্ৰকাশিত। শ্ৰীধৰ ৰামীকৃত টাকা। (৩) এই খিনিতে মানৱী শ্ৰীকৃষ্ণই স্বয়ং ভগবান শ্ৰীকৃষ্ণ বুলি প্ৰকাশ্যে ৰকাৰ কৰিছে। (৪) গী, নৱম আধ্যা, ১৩ লোকৰ সংবোগব্যাখ্যা।