পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৮৭ যজ্ঞাদিৰ অনুষ্ঠানেৰে মোক পূজা কৰি সোমৰস পান কৰি নিষ্পাপ হৈ স্বৰ্গ কামনা কৰে, সেই সকাম পুৰুষসকলে স্বৰ্গ লাভ কৰি দি সুখ ভোগ কৰে (১)। তাৰ পাচত, পুণ্যক্ষম হলে, সিবিলাকে পুনৰায় মত জন্ম ধৰেহি; স্বৰ্গকামনাৰে বেদবিহিত কৰ্ম্মানুষ্ঠান কৰিলে এই দৰে বাৰবাৰ সংসাৰলৈ ঘুৰিব লগা হয়। কিন্তু, যি সকলে একান্ত চিত্তেৰে মোৰ সাক্ষাৎ বাঞ্ছা কৰে, সেই সকলে অনায়াসে ভগৱৎকৃপা লাভ কৰে। হে কুন্তীনন্দন! অজ্ঞান হেতুকে যি বিলাকে উপদেৱতাদিৰ পূজা-অৰ্চনা কৰে, সিবিলাকে অজ্ঞাতভাৱে মোকেই হে পূজা কৰে; তাকে নজনাৰ বাবেই সিবিলাক পুনৰাবৃত্তিপ্ৰাপ্ত হয়।” (২) “শুদ্ধচিত্ত হৈ যি যাক ভক্তিভাৱে পূজা কৰে, সি তাকে পায়। ফুল, ফল, পাত, চলু পানী ইত্যাদি যি যিহকে ভক্তিৰে সৈতে মোলৈ আগ বঢ়ায়, মই তাকে পৰম প্ৰীতিৰে সৈতে গ্ৰহণ কৰে॥ হে কুন্তীনন্দন! তুমি যি অনুষ্ঠান, দান, ভোজন, হোম আৰু তপশ্চৰণ কৰাঁ, সেইবোৰ মোক স্মৰণ কৰি কৰিবা (১)। তুমি এইপে সন্ন্যাস ভাবাপন্ন হৈ মোক লাভ কৰিব। মোৰ প্ৰিয়-অপ্ৰিয় নাই, মই সৰ্বজীৱৰ পক্ষে একপ; যেয়ে শুদ্ধচিত্ত হৈ মোক একান্ত ভক্তি কৰে, সেয়ে মোত অৱস্থিতি কৰে, আৰু ময়ো সিবিলাকৰ মাজত থাকে। পাপী-দুৰাচাৰেও (১) ভগৱানৰ নানা পন্থীয়া উপাসকৰ ভিতৰত সকাম সাধনৰ বিৰূপ গতি , তাৰে ব্যাখ্যা। (২) গীতা, নৱম আধ্যা, ১৪২৪ শ্লোকৰ সংবোগ্যাখ্যা। (৩) ভগৱানক কিৰূপে আৰাধনা কৰিলে ভগবৎপদ লাভ কৰা যায়, ই তাৰে সঙ্কেত মাখোন। ইয়াৰপৰাই “কৃষ্ণায় অৰ্পণমন্তু” চনৰ গুঢ়াৰ বুজিব লাগে। দোহাকোৰাৰ প্ৰয়োজন নাইবে, নই, মোৰ, মোক ইত্যাদিয়ে কৃষ্ণৰূপ পৰৱক্ষক বুৱাইছে।