ভক্তিযোেগ। B68
স্বপ্ৰকাশশীল। তুমি মোৰ এই অলৌকিক ৰূপলৈ (১) চোৱা, দেখিবা জগতৰ বস্তুবোৰে (ভূতগণে) মোত, স্থিতি কৰা নাই। মই মাথোন ইতিপূৰ্বতে কৈ অহা মায়াজনিত ভুতধাৰক আৰু ভুতপালকৰূপে বিদ্যমান আছে। অৰ্থাৎ, পৰমাত্মা স্বমহিমাত প্ৰতিষ্ঠিত, আৰু ভগৱান একোৰে আধাৰ নহয়, কোনো বস্তুতে তেওঁ অধিষ্ঠান নকৰে, তেওঁ নিৰ্লিপ্ত। পদ্মপত্ৰ আৰু পানীৰ যি সম্বন্ধ, ভুতধাৰক ভুতপালক ৩গৱন্ত আৰু ভুতৰ মাজত সেই সন্ধ। (২) “আকাশতে বেগৱান বায়ুৰ স্থিতি; কিন্তু আকাশৰ নিৰ্লিপ্ততা গুণ হেতুকে বায়ুৰ লগত আকাশ লৰি ফুৰে। সেই অনুৰূপে, ভুত সমষ্টিয়ে পৰমাত অৱস্থিতি কৰিছে যদিও, পৰমায়া সৰ্বতিকাল নিৰ্লিপ্ত আৰু স্বতন্তৰীয়া ভাৱে আছে।” (৩) ইমানলৈকে সৃষ্টিস্থিতি বিষয়ক পৰমাৰ্থতত্ত্বজ্ঞান দান কৰাৰ পাচত, ভগৱান শ্ৰীকৃষ্ণই প্ৰলয়ত্বজ্ঞান দিয়াৰ উদ্দেশে তন্ময়চিত্ত অৰ্জ্জনক এই বুলি সম্বোধন কৰিলে, “হে কুন্তীনন্দন। ইয়াৰ আগেয়ে কৈ অহা হৈছে যে, মোৰ (পক্ষ মায়াৰপৰাই জগৎ প্ৰকাশিত হৈছে। জগৎ বিনষ্ট হলে, অৰ্থাৎ প্ৰলয় কালত, জগতৰ সকলো বস্তু মোৰ (১) অৰ্জুন কৃষ্ণভাবত জমাৎ তন্ময় হৈ অহা দেখি জগমোহনপতলানী ভগৱান বাসুদেৱে পৰমাত্মাৰ অপ্ৰকাশ আত্মদেহত নিৰ্দেশ কৰিছে। কৃষ্ণপ্ৰাণ অৰ্জুনে কৃষ্ণতে পৰমাত্মাৰূপ দৰ্শন কৰা দেখি, ভগৱান শ্ৰীকৃষ্ণই অতপৰ পৰমান্না নামে বখানিব লগীয়া সৰ্ববিয়তে ‘মাং ময়া’, ‘মে’, ‘মমাত্মা” ইত্যাদি শব্দেৰে আত্মনিৰ্দেশ কৰিছে। (২) গীতা, নৱম আখ্যা, ১- লোকৰ সংবোগব্যাখ্যা। (৩) গীতা, নম আখ্যা, ৩ষ্ঠ লোক।