সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাস্ত্ৰবিহিত অনুষ্ঠানকাৰী (১) লোৰ কোনো দুৰ্গতি নহৰ। বোগভ্ৰষ্ট লোকে পৰলোকত পুণ্যাত্মাৰ স্থান লাভ কৰি, তাতে বহুকাল হিতি কৰি, পুনঃ পৃথিবীত পৰিত্ৰ শ্ৰীমন্তৰ ঘৰত জন্মগ্ৰহণ কৰে। বিষয়- বাসনাৰ বশৱৰ্তী হৈ মনোবৈকল্যত যোগভ্ৰষ্ট হোৱাৰ ইমানেই পৰিণাম। নাইবা, যোগভ্ৰষ্ট লোকে পৃথিবীত যোগনিষ্ঠ জ্ঞানী লোকৰ ঘৰত জন্মগ্ৰহণ কৰিব লগীয়া হয়; এনে জন্ম অতি দুৰ্লভ। অল্পায়ু বা অকালমৃত্যু হেতুকে যাৰ যোগসিদ্ধি নোহাৱাকৈ ৰয়, তেনে যোগ ভ্ৰষ্টৰ পৰিণাম এই। আক, হে কুৰুনন্দন! যোগভ্ৰষ্ট লোকে পৃথিবীত পুনৰপি জন্মগ্ৰহণ কৰিলে তেওঁৰ পূৰ্ব্বকৃত জ্ঞানসাধিনী বুদ্ধি পুনঃ লাভ হয়, আৰু সিমানৰেপৰা পুনৰপি মুক্তিৰ অৰ্থে যত্ন কৰে। তেওঁ আকৌ উলটি গুৰিৰপৰা জ্ঞানসাধনা কৰিব লগীয়া নহয়। যোগভ্ৰষ্ট লোকৰ পূৰ্বাভ্যা- সৰ গুণত স্বভৰতে প্ৰবৃত্তি জন্মে। জন্মজন্মান্তৰীয় পুণ্যফৰ বলত ক্ৰমাৎ সাধনা পকি উঠিলে যোগভ্ৰষ্ট পুণ্যাত্মাই শেহান্তৰত নিজাপিকৈ মুক্তিলাভ কৰে।” (২) শেহান্তৰত, ভগৱান শ্ৰীকৃষ্ণই এই বুলি ভক্তিযোগ অবাৰিত বুজনি দিলে, “মোৰ মনেৰে তত্ত্বজ্ঞানী যোগী তপন্থীতকৈও শ্ৰেষ্ঠ, পৰোক্ষ জ্ঞানীতকৈও শ্ৰেষ্ঠ, কৰ্ম্মতকৈও শ্ৰেষ্ঠ। এতেকে, হে অৰ্জুন! তুমি তত্ত্বসাধক যোগী হোৱা; আৰু ইয়াকো মনত ৰাখিব যে, যি যোগীয়ে ভগৱদ্ভক্তিপৰায়ণ হৈ তন্ময় চিত্তেৰে ভগৱন্তক আবাধন কৰে, সেই যোগী সবাতোকৈ শ্ৰেষ্ঠ। এতেকে, হে পাণ্ডৱ! তুমি ভক্তিযোগৰ নিৰ্ম্মল পথৰ পখিক হোৱা।” (৩) (১) শ্ৰদ্ধা, সত্য, বিচাৰ আৰু সন্নাস এই চাৰিটা শাবহিত অনুষ্ঠান। (২) গীতা, ৬ষ্ঠ অধ্যা, ০০-৪৫ শ্লোক। (৩) গীতা, ষ্ঠ আধ্যা, - গোক।