পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮। আধ্যা। ভক্তিযোগ। পৰমা-তত্ত্বজ্ঞান। পূৰ্ববৰ্তী আধ্যাত ভগৱদ্ভক্তি পন্থাৰ যি সূচনা কৰা হৈছে, সেই ভক্তিমাৰ্গেদি ক্ৰমাৎ আগ বাঢ়ি পমাত্মা-তত্ত্বজ্ঞান কি উপায়েৰে লাভ কৰিব পাৰি তাৰ বিশদ ব্যাখ্যা দিয়াৰ উদ্দেশ্যে ভগৱান শ্ৰীকৃষ্ণই এই বুলি অৰ্জুনক সম্বোধন কৰিলে, “হে পাৰ্থ! তুমি পৰমেশ্বৰত একান্ত আসক্তচিত্ত, আৰু তুমি মোৰ নিতান্ত শৰণাগত; এতেকে পূৰ্বোক্ত যোগাভ্যাস কৰি তুমি নিঃসংশয়কৈ সৰ্ব্ববিভূতিসম্পন্ন পৰমাত্মাক কি প্ৰকাৰে জানিব, তাক ভাজ কওঁ শুনা (১); অৰ্থাৎ পূৰ্বোক্ত যোগাভ্যাসত কোনো প্ৰকাৰৰ বিসঙ্গতি ঘটিলে তুমি পৰমাত্মক নাজানিবগৈও পাৰা, সেই কাৰণে সেই পৰমাত্ম-তত্ত্বজ্ঞানৰ বিশদ ব্যাখ্যা দিও, শুদ্ধচিতেৰে গ্ৰহণ কৰাঁ (২)। ভগৱান শ্ৰীকৃষ্ণই মাৎ ব্যাখ্যা দীঘলবলৈ ধৰিলে, “মই এতিয়া তোমাক যি সাধন ফলাদি ব্যাখ্যাৰে সৈতে জ্ঞান-বিজ্ঞানৰ (৩) তত্ত্ব ব্যাখ্যা (১) ভগৱানৰ কেনেকুৱা স্বৰূপ আৰাধ কৰিব লাগে, আৰু কি নিয়ম গৰস্তুত মন নিবিষ্ট কৰাৰ বিধি, সেই বিষয়ে তত্ত্বজ্ঞানী ভগৱান শ্ৰীকৃষ্ণই মনোনি বিয়পিব্য অৰ্জনক ৰান দিবলৈ আগ বাড়ে। (২) গীতা, ৭ম অধ, ১ম শ্লোক। (৩) পৰমেশ্বৰক অদ্বিতীয় পুত্ৰ বৰুপে উপলদ্ধি কৰাৰ নাম “জান”; আৰু শ, নন, বিচাৰাৰি খাৰাই আত্মাত পৰমত্মাৰু সুৰ কৰাৰ নাম “বিজ্ঞান।