পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ “বি যোগীয়ে জগতৰ সকলো বস্তুতে আত্মৰূপ ভগৱানক দেখা পায়, আৰু আত্মাত সকলোকে দেখে, সেই বোগৰ ওচৰত পৰমাত্মা পৰোক্ষ নহয়; পৰমাত্মাৰ ওচৰতত সেই যোগী পৰোৰু নহয়। যি যোগীয়ে সৰ্ব- ভূস্থিত বা সকলে জীৱতে ব্যাপ্ত পৰমাত্মক আপোনাত অভিন্নভাবে ধাৰণা কৰি অপৰোক্ষ জ্ঞান কৰে, সেই যোগী যি অৱস্থাতে নাথাকক, তেওঁ অভেদৰূপে পৰমাত্মত স্থিতি কৰে। হে অৰ্জুন। যি মানুহে নিজৰ নিচিনাকৈ আনৰে সুখ-দুখৰ প্ৰতি সমানে দৃষ্টি ৰাখে, তেওঁৱেই সৱাতকৈ শ্ৰেষ্ঠতেওঁ যোগীৰোযোগী; কিয়নো মনৰ সম্পূৰ্ণ বিনাশ আৰু কামনাৰ সম্পূৰ্ণ ক্ষয় সাধিব নোৱাৰালৈকে কোনো যোগীয়ে সেই অৱস্থা লাভ কৰিব নোৱাৰে।” (১) অৰ্জুনে নিবেদন কৰিলে, “হে মধুসূদন! তুমি আত্মাৰ যি সমতাপ যোগতত্ত্ব ব্যাখ্যা কৰিলা, মনৰ খিতি তাত যে সৰহ পৰ ঠাৰিব, মোৰ এনে বোধ হোৱা নাই। কাৰণ, হে কৃষ্ণ, মন অতি চঞ্চল, অতি ইন্দ্ৰিয়পৰায়ণ, অতি বন্ত, অতি দৃঢ়।” (২) ভগৱান শ্ৰীকৃষ্ণই এই বুলি তাৰ সমিধান দিলে, “হে মহাবাহ। মন যে চঞ্চল আৰু সহজে নিগৃহীত নহয় তাত মোৰ কিঞ্চিৎমাননা সন্দেহ নাই; কিন্তু হে কুতীনন্দন। অভ্যাস আৰু বৈৰাগ্যৰ বলত সেই অসাধ্যও সাধ্য হৈ পৰে। অসংষতচিত্ত মানুহৰ পক্ষে এনে যোগ অৱশ্যে সহজ সাধ্য নহয়; কিন্তু যি হোক যত্নশীল আৰু যাৰ চিত্ত সংযত হৈছে, তেনে যোগীয়ে সদুপায়ৰ ৰাই সেই কাৰ্য্য নিশ্চয় সাধিৰ ১) গীতা,আখ্যা, ৩০-এ লোক। (২) গীতা, আখ্যা, ce— লোক।