পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যোগী আৰু সন্ন্যাসী। ৬৬৭ মানো বিচলিত নহয় (১)। যি অৱস্থাত চিত্ত যোগভ্যাসৰ বাৰাই নিৰুদ্ধ হৈ উপশমপ্ৰাপ্ত হয়, যি অৱস্থাত ইন্দ্ৰিয়ৰ অতীত আৰু কেৱল শুদ্ধবুদ্ধি গ্ৰাহ নিৰতিশয় সুখ অনুভৱ কৰা যায়, যি অৱস্থাত স্থিত হলে আত্মস্বৰূপ ভাবৰপৰা পিছলিবৰ ভয় নাই, বি অৱস্থা লাভ হলে আন সমস্তকে সামান্য যেন বোধ হয়, যি অৱস্থাত থিতাপি হলে অতি অসহনীয় দুখেও টলাব নোৱাৰে, হে পাৰ্থ, সেই অৱস্থাৰ নামেই যোগ; সেই যোগত লেশমাত্ৰও দুখ নাই; এই যোগ মুকলি প্ৰাণেৰে অভ্যাস কৰা যুগুত।” (২) “সংকল্পজাত কামনাবোৰ পৰিত্যাগ কৰি অ'ৰু মন বলেৰে ইন্দ্ৰিয় বিলাকক বিষয়-ব্যাপাৰৰপৰা নিবৃত্ত কৰি, ধৈৰ্যশীল বুদ্ধিৰ ৰলেৰে ক্ৰমাৎ ধীৰে ধীৰে চিত্ত নিৰুদ্ধ কৰি, আৰু মনক আত্মত নিহিত কৰি, কিঞ্চিৎমানো আন চিন্তা নকৰি যোগীয়ে যোগ সাধন কৰিব লাগে। যি যি বিষয়লৈ চঞ্চল চিত্তৰ ধাউতি প্ৰৱল, যত্নৰে সৈতে সেই সেই বিষয়ৰ পৰা চিত্তক ঘুৰাই আনি আত্মাৰ অনুগত কৰিব লাগে। প্ৰশান্তচিতীয়া যোগীয়ে যেতিয়া ৰজ আৰু তমোণ বৰ্জিত হৈ উঠে, তেতিয়া তেওঁ নিম্পাপ হৈ অনায়াসে ব্ৰহ্মত্ব লাভ কৰি অনুপম সুখ-শান্তি অনুভৱ কৰে। হে অৰ্জুন। সৰ্বত্ৰ সমদৰ্শী যোগী পুৰুষে সকলো জীৱতে আত্মক আৰু আত্মাত সকলো জীৱকে দেখা পায়।” (৩) (১) যথা দীপে নিবাস্থো নেঙ্গতে সোপমা। যোগিনে। যতচিত্ত তো যোগমায়ন। -গীতা, আধ্যা, ১৯ লোক। (২) গীতা, ৬ আধ্যা, ২০-২৩ শ্লোক। (৩) গীতা, • আধ্যা, ২-২ আক।