পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এতে কৰ্ম্মযোগৰ দ্বাৰাই মানুহে কালত আপোনা-আপুনি আত্মজ্ঞান লাভ কৰেগৈ। এতেকে, তোমাৰ তুল্য আত্মজ্ঞান-পিপাসু পুৰুষে নিষ্কাম কৰ্মযোগ বা ভক্তিযোগ সাধনা কৰা একান্ত বাঞ্চনীয়।” [(১)]
 "শ্ৰদ্ধাবান্, গুৰুভক্ত আৰু জিতেন্দ্ৰিয় পুৰুষসকল আত্মজ্ঞান লাভৰ ফলত সহজে মোক্ষপ্ৰাপ্ত হয়। কিন্তু অজ্ঞানী, শ্ৰদ্ধাহীন আৰু সংশয়যুক্ত লোক অচিৰে বিনষ্ট হয়। হে ধনঞ্জয়! যি যোগৰ দ্বাৰাই সমস্ত কৰ্ম্ম ভগৱানত অৰ্পণ কৰা হৈছে, আত্মজ্ঞানৰ প্ৰভাৱত যাৰ সমস্ত সংশয় ছেদ্ হৈছে, কৰ্ম্মৰাশিয়ে সেই আত্মজ্ঞ লোকক আৱদ্ধ কৰিব নোৱাৰে। এতেকে, হে ভাৰত! তুমি জ্ঞানৰূপ অস্ত্ৰেৰে অন্তৰৰ অজ্ঞানজনিত সংশয়সমূহক কাটি পেলোৱাঁঁ, আৰু কৰ্ম্মযোগৰ আশ্ৰয় লৈ ৰণলৈ আগ বাঢ়াঁঁ। অৰ্থাৎ, তুমি হৃদয়ত বৃথা সংশয় পোষণ নকৰিবাঁঁ; নিষ্কাম চিতেৰে যুদ্ধৰূপ ধৰ্ম্মানুষ্ঠানত প্ৰবৃত্ত হোৱাঁঁ। উঠাঁ, উঠাঁ, অনতিপলমে সাজু হোৱা। তুমি ভৰত বংশৰ তিলক স্বৰূপ হৈ অবিবেকীৰ দৰে ধৰ্মভ্ৰষ্ট নহবাঁ।” [(২)]


^  গীতা, ৪ৰ্থ আধ্যা, ৩৭—৩৮ শ্লোক
^  গীতা, ৪ৰ্থ আধ্যা, ৩৯—৪২ শ্লোক।