পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কব্যাকৰ্তব্য জ্ঞান। দ্ধি কৰি প্ৰাণায়ামপৰায়ণ হৈ থাকে (১)। এই যোগীগণে যজ্ঞ সম্পাদনৰ পাচত চিত্তশুদ্ধি লাভ কৰি পৰমপদলাভ কৰে; কিন্তু যিবিলাকে যজ্ঞ ব্ৰত নকৰে, সিবিলাকে মুক্তি বা পৰমপদ লাভ কৰা নিলগতে থাওক, সামান্য সুখসাধ্য মনুষ্যলোক লাভ কৰাও সিবিলাকৰ ভাগ্যত নঘটে। এনে আৰু বহুবিধ যজ্ঞৰ বিষয় বেত লিপিবদ্ধ হৈছে, সেই সকলো যজ্ঞ কৰ্মজনিত বুলি জানি তুমি ভদ্ৰুপ আচৰণৰ ৰাই মুক্তিপন্থা অবলম্বন কৰা।” (২) “হে পাৰ্থ! ব্যযতকৈ জ্ঞানযজ্ঞ সৰ্বতোভাৱে শ্ৰেষ্ঠ; কিয়নো, নিষ্কাম কৰ্ম্ম, তপস্য, উপাসনা, শাস্ত্ৰাধ্যয়ন, যোগাভ্যাস আদি সমস্তই জ্ঞানলাভৰ অৰ্থে অনুষ্ঠিত। এতেকে, তুমি শ্ৰদ্ধাসহকাৰে তত্ত্বদৰ্শী গুৰপৰা জ্ঞান উপদেশ গ্ৰহণ কৰা। হে পাণ্ডৰ। যি জ্ঞান লাভ কৰিলে তুমি আৰু মোহনুগ্ধ হব নালাগিব, আৰু যি জানৰ প্ৰভাৱত সমস্ত প্ৰণীতে পৰমাত্মাক দেখা পাব, সেই জ্ঞান লাভ কৰাঁ। সেই আত্মজ্ঞান লাভ কৰিব পাৰিলে, তুমি যদি পাপীৰ পাপী হোৱ, তথাপি সেই পাপসাগৰ জ্ঞান-তৰীৰে সৈতে অনায়াসে পাৰ হব পাৰিবা; আৰু ইয়াকো জানি যে, নিস্পাপ নহলে আত্মজ্ঞান লাভ নহয়।” (৩) “হে অৰ্জুন! অল-জুয়ে যেনেকৈ কাঠখৰি আদি পুৰি ছাই কৰে, জ্ঞানজুয়ে তেনেকৈ কৰ্মৰাশিক ছাই কৰে। ইহলোকত আত্মজ্ঞানৰ সমান আন একোৱেই পৱিত্ৰতাকাৰক নহয়; আন (১) প্ৰাণ=নিস; আপান=প্ৰশ্বাস। নিশ্বাস আৰু এখাস দুয়োকে কৰি চিত্তস্থিৰ কৰাৰ নাম প্ৰাণায়াম। (২) গীতা, ৪ৰ্থ আধ্যা, ২৯-২ গো। ৩) গীতা, আ্যা, ৩৩-৩৬ মোক।