পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

১৬। আধ্যা।

⸻০⸻

কৰ্ম্মযোগ আৰু সন্ন্যাসযোগ।

 অৰ্জ্জুনে ভাবি চালে যে, আত্মজ্ঞান লাভৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই কৰ্ম্ম আৰু ত্যাগ উভয়ৰে ব্যৱস্থা দিছে; অথচ কৰ্ম্ম আৰু ত্যাগ পোহৰ আৰু আন্ধাৰৰ নিচিনাকৈ পৃথকায়ো দেখুৱাইছে। পিচে, কোনটো তেওঁলৈ মঙ্গলজনক হব সেই বিষয়ক উপদেশ পাবলৈ অৰ্জ্জুনে এই বুলি সম্বোধন কৰিলে, “হে কৃষ্ণ! হে ভকতবৎসল হৰি। কৰ্ম্মযোগ আৰু কৰ্ম্মসন্ন্যাস দুয়োৰো তুমি ব্যাখ্যা দিছাঁ; পিচে মোৰ পক্ষে কোনটো মঙ্গলজনক হব, সেই বিষয়ে মোক নিশ্চয় কৰি কোৱাঁ; কিয়নো কৰ্ম্মযোগ আৰু কৰ্ম্মসন্ন্যাস, বা কৰ্ম্ম আৰু ত্যাগ উভয়কে একে সময়তে একেজন লোকে সাধন কৰা সম্ভৱপৰ যেন নেদেখোঁ।” [(১)]

 ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক এই বুলি সমিচাৰ দিলে, “সন্ন্যাস আৰু কৰ্ম্মযোগ দুয়ো মুক্তিৰ হেতু। তাৰ ভিতৰত সন্ন্যাস ৰা কৰ্ম্মত্যাগতকৈ কৰ্ম্মযোগ বিশিষ্ট [(২)]। কিয়নো, চিত্তশুদ্ধি নহলে অকল সন্ন্যাসত একো ফল নধৰে; অথচ কৰ্ম্মযোগেৰে চিত্তশুদ্ধি লাভ কৰা যায়। এতেকে, হে পাৰ্থ! কৰ্ম্মযোগেই হে সম্প্ৰতি তোমাৰ পক্ষে কল্যাণকৰ।


^  গীতা, ৫ম আধ্যা, শ্লোক।
^  “সংন্যাসঃ কৰ্ম্মযোগশ্চ নিঃশেয়স্কৰাবুভৌ।

 তয়োস্ত কৰ্ম্মসংন্যাসাৎ কৰ্ম্মযোগো বিশিষ্যতে।”
 —গীতা, ৫ আধ্যা, ২ শ্লোক।