পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫০
শ্ৰীকৃষ্ণ
 


 শ্ৰীকৃষ্ণদেৱৰ উক্তিত আচৰিত হৈ অৰ্জ্জুনে ততালিকে এই বুলি প্ৰশ্ন তুলিলে, “হে ভগৱান! তোমাৰ জন্ম পাচত, বৈৱস্বত বা সূৰ্য্যৰ জন্ম বহু পূৰ্ব্বে হৈছিল; এনেস্থলত জ্ঞানযোগৰ তত্ত্ব তুমি সূৰ্য্যৰ আগত ব্যাখ্যা কৰিছিলা বুলি কেনেকৈ ধাৰণ কৰোঁ?”

 অৰ্জ্জুনৰ এই জটিল প্ৰশ্নৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই এই বুলি দিলে, “প্ৰকৃততে ইতঃপূৰ্ব্বত মোৰ আৰু তোমাৰ বহুবাৰ জন্ম হৈ গৈছে মোৰ আত্মদৃষ্টিৰ জ্ঞান অবিচলিত থকাৰ হেতুকে মই তোমাৰ মোৰ বহু বাৰৰ জন্মকথা জানোঁ; কিন্তু তুমি দেহাত্মবুদ্ধিৰ বশ হেতুকে সেই বিষয়ে তোমাৰ স্মৰণ নাই। যি অনাদি তেওঁৰ জন্ম নাই; যি অবিনাশী তেওঁৰ মৰণ নাই। মই এনে জন্ম-মৰণৰহিত যদিও, নিজৰ প্ৰকৃতিক বশীভুত কৰি নিজ মায়াৰ দ্বাৰাই মই জন্মগ্ৰহণ কৰোঁ। হে ভাৰত! [(২)] যেতিয়াই ধৰ্ম্মৰ হানি আৰু অধৰ্ম্মৰ প্ৰাদুৰ্ভাৱ প্ৰৱল হয়, তেতিয়াই মই আপোনাকে আপুনি সৃষ্টি কৰোঁ। সাধুৰ ৰক্ষা, দুষ্টৰ দমন আৰু ধৰ্ম্ম স্থাপনৰ অৰ্থে মই যুগে যুগে অৱতীৰ্ণ হওঁ। হে অৰ্জ্জুন! যি পুৰুষে মোৰ এই দিব্য জন্ম-কৰ্ম্মৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পাৰে, তেওঁৰ দেহান্তৰৰ পাচত আৰু পুনৰ্জন্ম নহয়। তেওঁ মোৰ আত্মাতে বিলীন হৈ নিৰ্ব্বাণপ্ৰাপ্ত হয়।' [(৩)]


^  এই বিষয়ত অৰ্জ্জুনৰ সন্দেহ গভীৰ হোৱাৰ আৰু এটা কাৰণ এই যে,

ইতিপূৰ্ব্বতে শ্ৰীকৃষ্ণদেৱে ব্যাখ্যা কৰি আহিছে আত্মা অমৰ আৰু পৰমাত্মা লাভৰ পাচত তেওঁ ব্ৰহ্মনিৰ্ব্বাণ প্ৰাপ্ত হয় বুলি; এতেকে পুনৰ্জন্ম অসম্ভৱ।-গীতা, ৪ৰ্থ আধ্যা, ৪ৰ্থ শোক।

^  ভা-জ্ঞান। ৰত=ৰতিযুত। ভাৰত সম্বোধনেৰে এই খিনিত অৰ্জ্জুনক

জ্ঞানপিপাসু বুজোৱা হৈছে।

^  গীতা, ৪ৰ্থ আধ্যা, ৫-৯ শ্লোক।