“অন্তঃকৰণক কামক্ৰোধভয়বৰ্জ্জিত কৰি যি সাধকে ব্ৰহ্ম আৰু
বীৰক অভিন্নভাৱে দেখে, আৰু এক ভগৱানত মাথোন মন সমৰ্পণ কৰে,
আৰু আত্মজ্ঞানৰূপ তপস্যাৰ দ্বাৰাই চিত্তশুদ্ধি লাভ কৰে, তেওঁৰেই
পৰমাত্মা পৰমপদ লাভ কৰে। হে পাৰ্থ! যি যেনে ভাৱে ভজনা কৰে,
ভগৱানে তেওঁক সেই ভাৱেই কৃপা কৰে। কামী মনুষ্যগণে নানা পন্থাৰে
পূজা কৰিলেও, সিবিলাকে একমাত্ৰ ভগৱান পন্থাকেই অনুসৰণ
কৰে।” [(১)]
“ইহলোকত ফল কামনাৰে সৈতে যজ্ঞাদিৰ অনুষ্ঠান কৰিলে আশু ফল লাভ হয়; আৰু গুণকৰ্ম্ম বিভাগ অনুসাৰে ভগৱানে চাৰিবৰ্ণৰ [(২)] সৃষ্টি কৰিছে। কিন্তু, তথাপি তেওঁ অকৰ্ত্তা আৰু অব্যয় বুলি জানিবাঁ। কিয়নো, কৰ্ম্মই তেওঁক স্পৰ্শ নকৰে, বাস্তৱতে কৰ্ম্মফলৰ কামনাও তেওঁত নাই। এই ভাৱে যি সকলে ভগৱানক ভজে, কৰ্মজালে সেই সকলক মেৰাই ধৰিব নোৱাৰে। আত্মাক এইভাৱে অকৰ্ত্তা, অভোক্তা
- ^ গীতাৰ শ্লোকত “ভগৱান” “উদ্দেশে” মন্ময়, “মাম্” “মন্ময়াঃ”, “মাংস”
“অহং” “মম” ইত্যাদি শব্দ প্ৰয়োগ কৰা হৈছে। তাৰ দ্বাৰাই আত্মজ্ঞানী শ্ৰীকৃষ্ণই নিজকে ভগৱান বা ঈশ্বৰৰ আৰ্হিহে দেখুৱাইছে; এই বাবেই অনেকানেক টীকাকাৰে আৰু জনসাধাৰণে এই বুজে যে, শ্ৰীকৃষ্ণই নিজে নিজক এই প্ৰসঙ্গত ভগৱান বা ঈশ্বৰ স্বৰূপে চিনাকি দিছে। কিন্তু, গীতা ব্যাখ্যাৰ পূৰ্ব্বে কেতিয়াও শ্ৰীকৃষ্ণই নিত ঈশ্বৰত্ব আৰোপ কৰা পোৱা নাযায়।—গীতা, ৪ৰ্থ অধ্যা, ১০-১১ শ্লোক।
- ^ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই চাৰি বৰ্ণ। কৰ্ম্ম অনুসাৰে ইয়াৰ সাল-সলনিও ঘটিব পাৰে। ব্ৰাহ্মণ মলিন বৃত্তি হলে ক্ৰমাৎ ক্ষত্ৰিয় ব্ৰাহ্মণ, বৈশ্য ব্ৰাহ্মণ, শূদ্ৰ
ব্ৰাহ্মণ, চাণ্ডাল ব্ৰাহ্মণ, আদিত পৰিণত হয়। অন্যান্য বৰ্ণতো এই ক্ৰমোন্নতি আছে। কৰ্ম্মগুণৰ তাৰতম্যত ব্ৰাহ্মণে শূদ্ৰত্ব আৰু শূদ্ৰই ব্ৰাহ্মণত্ব প্ৰাপ্ত হয়।
—কৃষ্ণানন্দ স্বামিকৃত গীতাৰ্থ সন্দীপনী, ৪ আধ্যা, ১৩ শ্লোক।