১৪। আধ্যা।
⸻০⸻
আত্মতত্ত্ব প্ৰকাশ—কৰ্ত্তব্যকৰ্ত্তা।
জ্ঞানযোগ আৰু কৰ্ম্মযোগৰ নিগুঢ় তত্ত্ব ব্যাখ্যা কৰি, ভগৱান [(১)] কৃষ্ণই সাময়িক সমস্যা বুজি, এই বুলি প্ৰিয়শিষ্য আৰু প্ৰিয়সখি অৰ্জ্জুনৰ প্ৰতি আত্মতত্ত্ব ব্যাখ্যানত ধৰিলে, “এই অব্যয় জ্ঞানযোগৰ ব্যাখ্যা মই [(২)] আদিতে সূৰ্য্যক [(৩)] দিছিলোঁ; সূৰ্য্যৰপৰা মনুৱে আৰু মনুৰপৰা ইক্ষাকুৱে লাভ কৰে। তাৰ পাচত, ধৰ্ম্মভাবৰ দুৰ্ব্বলতা, অজিতেন্দ্ৰিয়তা, কাম-ক্ৰোধাদিৰ বৰ্শবৰ্ত্তিতা ইত্যাদি দোষত বহুকাল ব্যাপি জীৱগণে সেই আত্মজ্ঞান হেৰুৱাইছিল। হে অৰ্জ্জুন! তুমি মোৰ ভক্তশিষ্য আৰু প্ৰিয়সখি; গতিকে তোমাত আজি সেই নিগূঢ় তত্ত্ব পুনৰপি ব্যক্ত কৰিলো।” [(৪)]
- ^ আত্মজ্ঞানৰ গৰাকী, অৰ্থাৎ ব্ৰহ্মজ্ঞানী হেতুকে শ্ৰীকৃষ্ণদেৱক ভগৱান বোলা যায়।
- ^ “মই” বোলোঁতেই দ্বাপৰৰ শ্ৰীকৃষ্ণই অনাদি, সত্য আৰু ত্ৰেতাৰ মানৱক এই
তত্ত্বজ্ঞান দিয়াটো অসম্ভব ভাবি উচাপ্ খাব লগীয়া হয়। কিন্তু, সৰ্ব্বশাস্ত্ৰবিশাৰদ
নিগুঢ়তত্ত্বভেদী বোগী পুৰুষ শ্ৰীকৃষ্ণদেৱে পুৰ্ব্বজন্মৰ তথ্য ধাৰণা কৰি এই কথা কোৱাত
আচৰিত মানিবলৈ অকাট্য কাৰণ নাথাকে।
- ^ সূৰ্য্য ক্ষত্ৰিয়কুলৰ বীজস্বৰূপ বুলি মহাভাৰত, হৰিবংশ আৰু পুৰাণাদিত
সাব্যস্ত কৰা হৈছে।
- ^ গীতা, ৪ৰ্থ, আধ্যা, ১-৩ শ্লোক।
৭