পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জ্ঞানযোগ আৰু কৰ্ম্মযোগ। ৬৪৭ ক্ষত্ৰিয় ধৰ্মই তোমাৰ স্বধৰ্ম। সেই স্বধৰ্ম পালনাৰ্থে তুমি যুদ্ধত প্ৰবৃত্ত হৈ তোমাৰ কল্যাণ সাধন কৰা।”(১) এনেতে, অৰ্জ্জুনে এই বুলি পুনৰপি প্ৰশ্ন তুলিলে, “হে বৃষ্ণিবংশৰ! পুৰুষৰ প্ৰবৃত্তি নাথাকিলেও কিহে নো তেন্তে পাপ কাৰ্যলৈ উদগনি দিয়ে? তোমাৰ জ্ঞানগৰ্ভ উপদেশ লবলৈ মোৰ একান্ত বাঞ্ছা হেতুকে যদিও ৰণ কৰা মোৰ কৰ্তব্য বুলি মই বুজিছে, তথাপি সেই ৰণলৈ মোৰ প্ৰবৃত্তি জন্ম নাই কিয়?” (২) তদুত্তৰত, ভগৱান শ্ৰীকৃষ্ণই এই বুলি সমিচাৰ দিলে,-“কামনা ৰজগুণৰপৰা উৎপন্ন; এই কামনা কাৰ্য্যস্থলত ক্ৰোধৰূপে পৰিণত হয়; হে পাৰ্থ! ইহজন্মৰ নোমাগত এই কামনা পৰম শত্ৰু বুলি বুজিব। ই দুৰ-দুৰণীয়; ই অতিশয় উগ্ৰ। ইয়াকে জানি তুমি কামনা পৰিত্যাগ কৰিবা (৩)। আৰু, আঙ্গঠাক যেনেকৈ ফুটছায়ে ঢাকি থয়, আৰ্চীক যেনেকৈ চেকাই ঢাকি ধৰে, জৰায়ুৱে যেনেকৈ গৰ্ত্তক ঢাকি ৰাখে, তেনেকৈয়ে কাম বা কামনায়ো আত্মা বা জ্ঞানক আঁৰ কৰি থয় (3)। হে কুন্তীনন্দন! এই কামনায় জ্ঞানীৰ বিবেকশক্তিক অকামিল কৰে (৩)।” (১) “শ্ৰেয়ান স্বধৰ্শে। বিগুণঃ পৰধৰ্মাৎ অনুষ্ঠিতৎ। স্বধৰ্মে নিধনং শ্ৰেয়ঃ পৰোধৰ্মো ভয়াবহ। -গীতা, ৩য় আধ্যা, ৩৫ শ্লোক। (২) গীত, ৩য় অধ্যা, ৩৬ লোক। (৩) গীতা, ৩য় আধ্যা, ৩৭ শ্লোক। ৪) “ধুমেৰিয়তে বহ্নিপাদৰ্শে মলেন চ। যথোবেনাৰ্বতো গন্তথা তেনেমা।'-গীতা, ৩ আখা, ৩৮ লাক। (৩) গীতা, ৩ আখ্যা, ৩ দোক।