পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18 শ্ৰীকৃষ্ণ। জ্ঞানহীন জীৱ প্ৰকৃতিৰ গুণত মুগ্ধ হৈ ইন্দ্ৰিয়ভোগ্য বিষয়ত আসক্ত হয়। কিন্তু যেতিয়ালৈকে সিবিলাকত আত্মজ্ঞানৰ সঞ্চাৰ নহয়, তেতিয়ালৈকে আত্মজ্ঞানীজনে সিবিলাকক কৰ্মত্যাগলৈ বাট দেখুব নাপায়। এতেকে, হে অৰ্জুন, তুমি কৰ্মৰাশি অধ্যাত্মচিতেৰে মোৰ ওপৰত সমৰ্পণ কৰি, কামনা-মমতা-শোকহিত হৈ যুদ্ধত প্ৰবৃত্ত হোৱ॥ এই ঐশ্বৰিক মত অনুসৰণ কৰিলে আত্মজ্ঞানশূন্য জনেও কৰ্মজালৰপৰা মুক্তিলাভ কৰে, আৰু যি দুৰ্ব্বদ্ধি হেতুকে ইয়াৰ বিপৰীত আচৰণ কৰে, তাৰ পুৰুষত্ব আৰু পুৰুষাৰ্থ ভ্ৰষ্ট হয়। বিশেষতঃ, পূৰ্বজন্মকৃত ধৰ্মাধৰ্মৰ প্ৰতিফলৰ হাত মহাবলৱন্তে এৰাব নোৱাৰে।” (১) “সকলো ইন্দ্ৰিয়ৰেই (২) বিষয়ভেদে (৩) অনুৰাগ আৰু বিৰাগ নিৰ্দিষ্ট আছে; কিন্তু দুয়ো জীৱৰ পৰম শত্ৰু। এতেকে, কাচিতে তাৰ বশীভূত হোৱা উচিত নহয়। কিয়নো, যেতিয়ালৈকে এই স্বাভাবিক বাগ-বিৰাগ বিদ্যমান থাকে, তেতিয়ালৈকে সাধকৰ সাধু উদ্দেশ্য সিদ্ধি নহয়।*(৪) “ধৰ্ম্ম অঙ্গহীন হলেও সম্পূৰ্ণাঙ্গ বা উত্তমৰূপে অনুষ্ঠিত পৰধৰ্ম্ম তকৈ পৰধৰ্ম্ম নিজ প্ৰকৃতিবিৰুদ্ধ হেতুকে সি ভয়াবহ হয় বা শুভফলদায়ক নহয়; কিন্তু নিজ প্ৰকৃতিগত স্বধৰ্ম সাধনেৰে স্বপ্ৰকৃতি বিশুদ্ধ কৰোঁতে কৰোঁতে মৃত্যু হলেও মঙ্গল লাভ হয়। হে অৰ্জুন! শ্ৰেষ্ঠ। (১) গীতা, ৩য় অধ্যা, ২১-৩৩ শ্লোক। (২) শ্ৰোত, ত্ব, নেত্ৰ, ৰসনা, ঘ্ৰাণ, আৰু বাৰু, পাণি, পাদ, উপাস্থ, পায়ু এই দণেন্দ্ৰিয় জীৱত বিদ্যমান। (৩) শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ, বচন, আদাল, গম, আনন্দ, মলত্যাগ এই সহোটা ইন্দ্ৰিয়ৰ স্বাভাবিক প্ৰকৃতি বা বিষয়। (4) গীতা, ওৰ আধ্যা, ৩৪ লোক।