পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জ্ঞানযোগ আৰু কৰ্ম্মযোগ। ৬১৫ কাদি মহাত্মাগণে কৰ্মানুষ্ঠানৰ পৰাই আত্মজ্ঞান লাভ কৰিছিল। তুমিও লোকসংগ্ৰাহাৰ্থে (১) ক্ষত্ৰিয়োচিত কৰ্মৰ অনুষ্ঠান কৰা উচিত।”(২) “শ্ৰেষ্ঠজনে যি যি অনুষ্ঠান কৰে, ইতৰ লোকে সেই সমকে অনুকৰণ কৰে। আৰু শ্ৰেষ্ঠ লোকে যিহকে প্ৰামাণিক বুলি মানে, সৰ্বসাধাৰণে তাৰে অনুসৰণ কৰে (৩)। গতিকে, হে অৰ্জুন! তুমি শ্ৰেষ্ঠজন হৈ যদি এই কৰ্ম্ম (উপস্থিত ৰণ) ত্যাগ কৰা, ইতৰলোকে তোমাৰে পটন্তৰ আগত লৈ কৰ্তব্যকৰ্ম ত্যাগ কৰিব; তেতিয়া হলে তুমি লোকৰ আদৰ্শস্থানীয় নহল। সেই কাৰণেই, হে পাৰ্থ! যদিও ত্ৰিভূবনত মোৰ কিঞ্চিৎমাননা কৰিব লগীয়া কৰ্ম্ম নাই, অপ্ৰাপ্ত প্ৰাপ্তব্য নাই, তথাপি মই কৰ্ম্মানুষ্ঠানত ব্যাপৃত আছে। নাথাকিলে লোকসমূহ উৎস যাব, মই বৰ্ণসঙ্কৰ উৎপন্নৰ কাৰণ হৈ পৰিম। এতেকে, হে পাৰ্থ, আত্মজ্ঞানহীনজনে যেনেকৈ ফল কামনাৰ আসক্তিৰে কৰ্ম্মানুষ্ঠান কৰে, সেইদৰে তুমি-মই ফলকামনাবৰ্জিত হৈ অনাসক্তচিতেৰে কৰ্ম্মানুষ্ঠান কৰা কৰ্তব্য। কিয়নো, তত্ত্ববিৎ পুৰুষে আত্মজ্ঞানহীন জন-সাধাৰণৰ মাজত মতভেদ নঘটাই একপন্থীয়াকৈ কৰ্মমাগত নিযুক্ত ৰাখিবলৈ হে চায়; আৰু অহঙ্কাৰত বিমূঢ়াত্মালোকে ভাবে যে, তেওঁ হে কৰ্মৰ অনুষ্ঠান কৰিছে; কিন্তু প্ৰকৃততে সি নহয়, সত্ব, ৰজঃ তমঃ আদি প্ৰকৃতিৰ গুণৰাশিৰ দ্বাৰাই হে কৰ্ম্ম অনুষ্ঠিত হয়। যথাৰ্থ তলোকে কাচিতে নিজত কৰ্তৃত্ব আৰোপ নকৰে। আত্ম- ১) লোকসকল, অৰ্থাৎ জাবৰ্গক নিজ নিজ ধৰ্মত প্ৰতি কৰা আৰু সিবিলাকক ধৰ্মৰপৰা ৰক্ষা কৰাৰ নাম “লোকসংগ্ৰহ। (২) গীত, য় অধ্যা, ১৭-২০ কি। (৩) “বষদাচজি শ্ৰেষ্ঠতলেৰেঙৰ জন। সবং এতে লোেকৰওতে॥