“সৃষ্টিপাতনিতে সৃষ্টিকৰ্ত্তা ব্ৰক্ষাই যজ্ঞৰে সৈতে জীৱগণক সৃষ্টি
কৰি কৈছিল যে, এই যজ্ঞ সিবিলাকৰ অভীষ্ট ভোগপ্ৰদ হব। অৰ্থাৎ,
নিত্যনৈমিত্তিক ক্ৰিয়া নিয়মিতৰপে কৰি থাকিলে কৰ্ম্মৰ স্বভাৱগুণতেই
বাঞ্ছিত ফল অযাচিতে পোৱা যায়, আৰু ইষ্ট-দেবতাদিও তুষ্ট হয়।
ইয়াৰ বিপৰীতে যি স্বাৰ্থান্ধ হৈ কাম্য কৰ্ম্মত প্ৰবৃত্ত হয়, সি পাপসঞ্চয়
কৰে মাথোন। যজ্ঞাৱশেষভোজী সৎপুরুষসকল সততে পাপৰপৰা
মুক্ত হয়। কিন্তু যি পাপাত্মাই নিজৰ নিমিত্তে হে পাক কৰে, সি
স্বোপাৰ্জ্জিত পাপ মাথোন ভোজন কৰে। ইয়াকে সাৰোগত কৰি,
হে অৰ্জ্জুন। তুমি উপস্থিত ৰণত লিপ্ত হোৱাঁ॥[(১)]
“অন্নৰপৰা শৰীৰ উৎপন্ন হয়; মেঘে বৰষুণ দিলে সেই অন্ন জন্মে; যজ্ঞৰ ফলত মেঘ; আৰু কৰ্ম্মৰপৰা যজ্ঞ। এতেকে, কৰ্ম্মেই শৰীৰ; কৰ্ম্মেই জীৱন। সেই কৰ্ম্ম বেদৰপৰা উৎপন্ন, আৰু বেদ ব্ৰহ্মৰপৰা উৎপন্ন। গতিকে, ব্ৰহ্ম বা পৰমাত্মাই কৰ্ম্মৰ জনক। এতেকে, হে অৰ্জ্জুন! যি মানুহে এনে মনুষ্য শৰীৰ ধাৰণ কৰি এই প্ৰৱৰ্ত্তিত কৰ্ম্মচক্ৰত আৱৰ্ত্তন নকৰে, সেই ইন্দ্ৰিয়াসক্ত পাপযুক্ত পুৰুষৰ জীৱনেই বৃথা।" [(২)]
“কিন্তু যি পুৰুষৰ আত্মাতেই ৰতি, আত্মাতেই তৃপ্তি, আত্মাতেই সন্তোষ, সেই পুৰুষৰ কৰ্ম্মানুষ্ঠান অনাৱশ্যক। কৰ্ম্মৰ অনুষ্ঠান কৰিলে বা নকৰিলে আত্মজ্ঞানী পুৰুষৰ পুণ্য বা প্ৰত্যবায় একো নহয়। এতেকে, হে পাৰ্থ, তুমি ফল কামনা বৰ্জ্জিত হৈ কৰ্ম্মানুষ্ঠান কৰাঁ। কিয়নো, ফল কামনা বৰ্জ্জিত নিষ্কাম কৰ্ম্মী পুৰুষে পৰমপদ লাভ কৰে।