পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞানযোগ আৰু কৰ্ম্মযোগ।
৬৪৩
 


অথচ অন্তৰত নানা বাসনাজনিত ক্ৰিয়া প্ৰবাহ, সেইজন কপটীয়া ভণ্ড সন্ন্যাসী মাথোন। কিন্তু, হে অৰ্জ্জুন! যাৰ বাহিৰত ক্ৰিয়াৰ প্ৰবাহ, অথচ অন্তৰত তাৰ ফললাভৰ স্পৃহা নাই, সেই জন হে বিশিষ্ট পুৰুষ, তেওঁৰ হে পৰমপদ লাভ হয়।” [(১)]

 “তুমি নিত্য-নৈমিত্তিক ক্ৰিয়া অনুষ্ঠান কৰাঁ; কিয়নো কৰ্ম্ম নকৰাতকৈ কৰ্ম্ম কৰা হে শ্ৰেষ্ঠ। বিশেষতঃ, কৰ্ম্ম নকৰিলে তোমাৰ শৰীৰ ধাৰণ ব্যাপাৰেই নচলিব। অৰ্থাৎ, তুমি যদি ক্ষত্ৰিয়োচিত যুদ্ধ নকৰাঁ, অথচ সন্ন্যাসীৰ ভিক্ষাবৃত্তিতো যি স্থলত তোমাৰ অধিকাৰ নাই, তেন্তে ক্ষত্ৰিয়োচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তোমাৰ জীৱনধাৰণেই অসম্ভব হব [(২)]। অৰ্থাৎ, সন্ন্যাস [(৩)] ধৰ্ম্মত তোমাৰ অধিকাৰ নাই। গতিকে, ক্ষত্ৰিয়োচিত ৰণ-বিগ্ৰহত লিপ্ত নহলে তোমাৰ নিজ অধিকাৰৰ [(৪)] বৰ্ণাশ্ৰমোচিত ধৰ্ম্মও নষ্ট হব। এতেকে, হে অৰ্জ্জুন, তুমি ৰণত প্ৰবৃত্ত হোৱাঁ।”

 “ভগৱদাৰাধনাৰ্থে কৰ্ম্মানুষ্ঠান নকৰি অন্য কৰ্ম্মানুষ্ঠানত ধৰিলে মানুহ সংসাৰবন্ধনদশাগ্ৰস্ত হয়। এতেকে হে কুন্তীনন্দন! তুমি ফল কামনা নৰখাকৈ, অৰ্থাৎ নিষ্কাম ভাৱে ভগৱানব উদ্দেশে শ্ৰদ্ধা-ভক্তিৰে সৈতে আশ্ৰমেচিত কৰ্ম্মাদিৰ অনুষ্ঠান কৰাঁ।” [(৫)]


^  গীত, ৩য় আধ্যা, ৬-৭ শ্লোক।
^  গীতা, ৩য় আধ্যা, ৮ম শ্লোক।
^  ধৰ্ম্ম, সত্য, দম, দান, প্ৰজনন, আহিতাগ্নিতা, অগ্নিহোত্ৰ, যজ্ঞ, মানস প্ৰভৃতি

সাধন সন্ন্যাসৰ অধিকাৰমূলক।—শ্ৰীধৰস্বামিকৃত টীকা; আৰু গীতাৰ্থসন্দীপনী।

^  ব্ৰহ্মচয্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস এই চতুৰাশ্ৰমত ব্ৰহ্মাৰ অধিকাৰ;

ব্ৰহ্মচৰ্য্য়, গাৰ্হস্থ্য, বানপ্ৰস্থ এই তিনি আশ্ৰমত ক্ষত্ৰিয়ৰ অধিকাৰ; ব্ৰহ্মচৰ্য্য় আৰু গাৰ্হস্থ্য এই দুই আশ্ৰমত বৈশ্যৰ অধিকাৰ।—কৃষ্ণানন্দস্বামীৰ গীতাৰ্থসন্দীপনী।

^  গীতা, ৩য় আধ্যা, ৯ম শ্লোক।