ভগৱান শ্ৰীকৃষ্ণই অতি হৃষ্টচিতেৰে এইবুলি অৰ্জ্জুনৰ প্ৰশ্নৰ সমিধান
দিলে-“হে অনঘ! [(১)] মই ইতিপূৰ্ব্বতে কৈ আহিছোঁ যে,
ইহলোকত ব্ৰহ্মনিষ্ঠা দুই প্ৰকাৰ,—জ্ঞানাধিকাৰীসকলৰ কাৰণে
জ্ঞানযোগ আৰু কৰ্ম্মীগণৰ নিমিত্তে কৰ্ম্মযোগ। অৰ্থাৎ, যাৰ অন্তৰত
আত্মা আৰু পৰমাত্মাৰ অভিন্নবোধ জন্মিছে, তেওঁৰ নিমিত্তে জ্ঞানযোগ—
নিবৃত্তিমাৰ্গ; আৰু যাৰ অন্তঃকৰণত শুদ্ধিলাভ হোৱা নাই, তাৰ কাৰণে
কৰ্ম্মযোগ-প্ৰবৃত্তিমাৰ্গ। জ্ঞান আৰু কৰ্ম্ম বিৰুদ্ধভাবী হলেও, একে
জনতে পৰম্পৰা সম্বন্ধ সম্ভৱপৰ।” [(২)]
ওপৰৰ শ্লোকটি সূত্ৰ মাথোন কৰি ভগৱান শ্ৰীকৃষ্ণই এটি-এটিকৈ তেৰটা শ্লোকেৰে জ্ঞানযোগ আৰু কৰ্ম্মযোগৰ ব্যাখ্যা এইদৰে দিছে,— “হে অৰ্জ্জুন! নিষ্কাম কৰ্ম্মৰ অনুষ্ঠান নকৰিলে নিষ্ক্ৰীয় ভাবৰ উৎপত্তি নহয়, আৰু অকল সন্ন্যাসব্ৰত ধৰিলেও সিদ্ধিলাভ বা জ্ঞানোদয় হোৱাৰ সম্ভাৱনা নাই। অৰ্থাৎ, যজ্ঞ, দান, তপস্যা, বেদাধ্যয়ন আদি নিত্য নৈমিত্তিক ক্ৰিয়া নিষ্কাম হৈ নকৰিলে চিত্তশুদ্ধি লাভ নহয়; চিত্তশুদ্ধি লাভ নহলে আত্মজ্ঞানৰ উদয় অসম্ভৱ। [(৩)]
“সত্ত্বঃ, ৰজঃ, তমঃ এই তিনি প্ৰাকৃতিক গুণৰ প্ৰভাৱত মানুহ আপোনা-আপুনি কৰ্ম্মত প্ৰবৃত্ত হয়; কোনোলোকেই মুহূৰ্ত্তমানো নিষ্কৰ্মা হৈ ৰব নোৱাৰে।” [(৪)]
“যি আত্মজ্ঞানহীন লোকৰ বাহিৰত ক্ৰিয়াত্যাগ বা সন্ন্যাসভাৱ,