পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

১৩। আধ্যা।

⸻০⸻

জ্ঞানযোগ আৰু কৰ্ম্মযোগ।

 ইমানলৈকে শ্ৰীকৃষ্ণদেৱৰ ধৰ্ম্ম আৰু কৰ্ম্ম ব্যাখ্যা একান্তমনেৰে শুনি শুনি অৰ্জ্জুন বৰঞ্চ বিমোৰ হে হল; তেওঁ কৰ্ত্তব্যবিমোৰ হৈ অগত্যা শিষ্যৰ প্ৰগাঢ় ভক্তিৰে ভগৱান বাসুদেৱক পুনৰপি এই বুলি প্ৰশ্ন কৰিলে, “হে জনাৰ্দ্দন! [(১)] যদি তোমাৰ মতে নিষ্কাম ধৰ্ম্মতকৈ আত্মজ্ঞান শ্ৰেষ্ঠতৰ হয়, তেন্তে, হে কেশৱ! এই ঘোৰ হিংসাজনক কাৰ্য্যলৈ (উপস্থিত ৰণলৈ) মোক কিয় উদগনি দিছাঁ? মই তোমাৰ শৰণাগত শিষ্য। এতেকে, হে ভকতবৎসল! যাতে মই সহজে আৰু ঠাৱৰকৈ মঙ্গল বা মুক্তিলাভ কৰিব পাৰোঁ তাকে নিশ্চয়কৈ মোক উপদেশ দিয়াঁ। কেতিয়াবা কামৰ, কেতিয়াবা জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱাই সানমিহলিকৈ জ্ঞানোপদেশ দি তুমি মোক মোহভ্ৰান্ত কৰিছাঁ মাথোন। তোমাৰ ব্যাখ্যাত এহাতে বৈদিক নিষ্ঠাৰ লাঘৱতা প্ৰকাশ পাইছে, আনহাতে বেদনিষ্ঠা তৎপৰতা ধৰা পৰিছে; এহাতে নিবৃত্তি মাৰ্গৰ উপদেশ দিছাঁ, আনহাতে প্ৰবৃত্তিমাৰ্গ মোকলাই দিছাঁ। মই ইয়াৰ একো তৎ ধৰিব পৰা নাই। একে সময়তে একেজন মানুহে বিৰুদ্ধ ধৰ্ম্মৰ কৰ্ম্ম আৰু জ্ঞানৰ কেনেকৈ অধিকাৰী হব পাৰে নুবুজিলোঁ। হে কেশৱ! এই সমস্যা ভাঙ্গি মোক উজুকৈ বুজাই দিয়াঁ।” [(২)]


^  বাঞ্ছিত বস্তুপ্ৰাপ্তিৰ অৰ্থে যাৰ ওচৰত যাচ্‌ঞা কৰা যায়, তেওঁকে জনাৰ্দ্দন

বোলে। জ্ঞানতত্ত্ব আৰু মুক্তি যাচ্‌ঞাকাৰী অৰ্জ্জুনৰ মানত শ্ৰীকৃষ্ণ সেই জনাৰ্দ্দন।

^  গীতা, ৩য় আধ্যা, ১-২ শ্লোক।