পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৩

বলোৰাম: এৰা বৰ আচৰিত। বলাহঁক এবাৰ অন্তঃপুৰলৈ যাওঁ। সকলো উত্ৰাৱল হৈছে।

(সকলো যায়গৈ)

 


 

ষষ্ঠ দৰ্শন

 (ঊষাৰ অন্তঃপুৰ! দুপৰীয়া অনিৰুদ্ধ শুই আছিল! উষাই অপোন পাহৰি অনিৰুদ্ধৰ মুখলৈ চাই ভোল গৈ বহি আছিল।)

ঊষা:

প্ৰিয় মোৰ, জীৱনৰ মৰণৰ
চিৰ লগৰীয়া! হে চিৰ সুন্দৰ! ঊষাৰ
নয়ন মণি, মুগ্ধ কিয় আজি
তুমি অভাগীৰ প্ৰণয়-পাশত?
জোনাক সৌন্দৰ্যৰ হেৰা পূৰ্ণ
শশধৰ, বুকুৰ দেৱতা মোৰ
অণু-পৰমাণুবোৰে ঊষা সৌন্দৰ্যৰ
মিলিব খুজিছে সখা তোমাৰ
ই মোহন ৰূপত।
নাই মোৰ কামনা-বাসন,
নাই মোৰ আশাৰ পিয়াহ,
তোমাৰ প্ৰণয়ে মোক আবৰি
ধৰিছে, সেয়ে মোৰ
জীৱনৰ পূৰ্ণ প্ৰকাশ
মুগ্ধ নহওঁ আৰু তোমাৰ ৰূপত,
মুগ্ধ নহওঁ আৰু তোমাৰ এই
যৌৱনৰ কুসুম বনত,
মুগ্ধ নহওঁ সখা তোমাৰ এই
মৌসনা ওঠ দুখনিৰ,
দুবুকু শিয়ঁৰি উঠা চুমা-
পৰশত! মুগ্ধ নহওঁ আৰু