পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৬২

বলোৰাম: এৰা! মই ইহঁতক সকলো বুজাই দিওঁ। তাৰ বাহিৰে আন উপায় মই আৰু দেখা নাই।
শ্ৰীকৃষ্ণ: নিশ্চয় দূত পঠাই বাতৰি নল’লে আৰু কি উপায় আছে?
বলোৰাম: (প্ৰথম দূতক) তুমি ইয়াৰ পৰা ওলাই উত্তৰাভিমুখে গৈ পঞ্চনদৰ সকলো দেশতে বিচাৰি গৈ কাশ্মীৰ প্ৰদেশৰ প্ৰত্যেক গাঁৱে-ভূঞে, পৰ্বতে-কন্দৰে কুমাৰৰ সন্ধান কৰাগৈ যোৱা! (প্ৰথম দূতে সেৱা কৰি যায়গৈ) (দ্বিতীয়ক) তুমি দাক্ষিণাভিমুখে গৈ দাক্ষিণাত্যৰ পৰা কন্যাকুমাৰিকাইদি সেতুবন্ধ পাৰ হৈ লঙ্কা দ্বীপত কুমাৰৰ অনুসন্ধান কৰি, হিমালয়ৰ কাষৰ পাৰ্বত্য প্ৰদেশত সন্ধান কৰি গঙ্গা-যমুনাৰ পাৰৰ গোটেই দেশ অনুসন্ধান কৰিবা। (তৃতীয়ক) তুমি কামৰূপত প্ৰৱেশ কৰিব পূৰ্বাঞ্চলৰ সকলো গিৰি-প্ৰদেশত সন্ধান কৰিবা। পূৰ্বদেশৰ মায়াবিনীৰ কথা তুমি সদায় মনত ৰাখিব। (চতুৰ্থক) তুমি সিন্ধু প্ৰদেশত অনুসন্ধান কৰি পশ্চিমত গান্ধাৰকে আদি কৰি সকলো দেশতে কুমাৰৰ অনুসন্ধান কৰাগৈ! (দূতবোৰে সেৱা কৰি যায়গৈ।)
শ্ৰীকৃষ্ণ: এৰা, ইহঁতে অনুসন্ধান কৰি আহকগৈ আৰু আমি নিজেও অনুসন্ধান কৰিব লাগিব নিশ্চয়।
প্ৰদ্যুম্ন: পিতা! অন্তঃপুৰত সকলোৱে কুমাৰৰ শোকত উত্ৰাৱল হৈছে! আপুনি নগ’লে আৰু সান্ত্বনা দিওঁতা কেও নাই!
শ্ৰীকৃষ্ণ: উত্ৰাৱল হোৱাৰ কোনো প্ৰয়োজন নাই। বাৰু বলা।

(শ্ৰীকৃষ্ণ যায় আৰু পাছে পাছে প্ৰদ্যুম্নও যায়।)

বলোৰাম: সনাতন! মোৰ সেই বালকৰ ওপৰত সম্পূৰ্ণ সন্দেহ হৈছে। নিশ্চয় সি কোনোবা মায়াবিনী, কোনো অসুৰৰ ইচ্ছাৰে তাক এইদৰে লৈ গৈছেহি।
সনাতন: মোৰে এই বিষয়ে সন্দেহ হৈছে।
সাত্যকি: একো অসম্ভৱ নহয়। প্ৰদ্যুম্নক সুতিকা গৃহৰ পৰা শম্বৰে নিয়া আজি কিমান দিনৰ কথা।