পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অঙ্ক

প্ৰথম দৰ্শন

[সৰস্বতী নৈৰ পাৰত পুৱা সময়ত সখী চিত্ৰলেখা।]

 
চিত্ৰলেখা:

সখীৰ কামনাবোৰে
ৰই ৰই অন্তৰত মোৰ
ভুমুকি মাৰিছে। আঘাতত
তাৰ, শিয়ঁৰি উঠিছে মোৰ
হৃদয়ৰ শত ব্যাকুলতা।
কোন নজনাৰ ফালে, কি ৰহস্যৰ
ফালে যাব খোজা হিয়া?
সৃষ্টিৰ আদিৰে পৰা অনন্ত
কাললে,’ যতবোৰ সৌন্দৰ্যৰ
নিমাতী প্ৰতিমা— ফুলি উঠি
নীৰৱে হিয়াত, জগালেহি
কিহৰ প্ৰেৰণা?
কোন দিনা, মানসৰ পূৰ্ণিমাৰ
জোনালী, নিশাত, মিলিব, মিলিব
মোৰ অনন্ত বাসনা সৃষ্টিৰ ই।
ৰহস্যৰ স’তে, মাৰ যাব হিয়াৰ
বিননি সেই মহা শূইনৰ
প্ৰতি স্তৰে স্তাৰে!
অতৃপ্ত নহয় বাসনাতো
মোৰ। তৃপ্ত, তৃপ্ত ই যে।
পুৰণ মাত্ৰায়— তথাপিও
প্ৰাণ মোৰ কিয় বিয়াকুল