পৃষ্ঠা:শিশুপাল বধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )

তই বৰ ধৰিয়াল॥ মই বোলো হেৰ, মাতিবে নজানোঁ, আছোঁহো জিজ্ঞাসা চাই। তোত পৰে আৰ, ইতৰ পুৰুষ, পৃথিবী মণ্ডলে নাই॥ ১৩ ॥ তোত নোবোলোহোঁ, ঈশ্বৰে ইতৰে, কিসক মাতিবে লাগে। সেহি কাৰণেসে, এতেক লপিবে, পালিহি পাগল ছাগে॥ ভোবোলা ছাগলি, সিংহক সিয়াঁৰে, আপোনাক বড় মানি। ভতুৱা কুকুৰে, কামোৰ মাৰয়, গৃহস্থ চোৰ নজানি॥ ১৪ ॥ নৰক দেখিলে, শৃগাল পলায়, লুকায় বন সোমাই। গধূলি পুৱায়ে, আটাস পাৰয়, মোত কৰি বড় নাই॥ উলুত সুমাই, দুই গোধা লুকাৱে, বোলে কিছু নাই মোৰ। গৰু জাকে জাকে, দুৱাৰে ড়কাৰে, সি বোলে পৰক চোৰ ॥ ১৫ ॥ হাতী চুৰী কৰি, যাই আগে আগে, বেঙ্গেনা চোৰক ধৰে। নাকোটী কাটিলে, লাজ নলাগয়, নখোটী কাটিলে মৰে॥ সেই পট-