পৃষ্ঠা:শিশুপাল বধ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪ )


জোকাস। পিঙ্গলা সাপ, গাৱধেলাৱস, বাঘত আঙ্গূলী বাস॥ কেনুৱা জনক, দ্বন্দ্ব জোকাৱস, তাক ভালে তই জান। দিন দুপৰত, দুই চক্ষু খাইলি, শিলত মুকুটি হান॥ ১০ ॥ কিসৰ দোষত, কৰ তিৰস্কাৰ, কেৱলে কাল নুগুণি। তোহোৰ গালিয়ে, কামুৰি নখাই, কাণত আপছু শুনি॥ পৰে যে পৰক, যদি মন্দ বোলে, কোনে কৰে অপমান। গোত্ৰ যে কুটুম্বে, যদি মন্দবোলে, তাতে বড় পাই টান॥ ১১ ॥ বৰ নিলগিয়া, নোহ শিশুপাল, হোৱ সম্বন্ধত ভাই। পেসী সুত হুই, তিৰস্কাৰ কৰ, কেৱলে মুখ নচাই॥ ধানৰ যে ধূলি, গোত্ৰৰ যে গালি, দুইকো সহন নযাই। নমাতিবে দেখি, এতেক মাতস, তাতেসে আশঙ্কা পাই॥ ১২ ॥ যিটো নিমি- ত্তত, নমাতি আছোহোঁ, তাক শুন শিশু- পাল। পৃথিবী মণ্ডলে, বিচাৰিয়া পাইলোঁ,