পৃষ্ঠা:শিশুপাল বধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬ )

স্তৰ, তইসে ইতৰ, নিন্দন্তে আছস মোক। ভৰি আঙ্গূলিত, কামুৰি নেৰস, যেন গোবাটৰ জোক॥ ১৬ ॥ তোৰ তিৰস্কাৰে, জানিবি আমাৰ, সি পুন গাৱ নোচোৱে। যতেক কুকুৰে, কামোৰ মাৰয়, আঠুৰেসে নাম হোৱে॥ জান শিশুপাল, তই বড় ভাল, যদি সম নোহোঁ তোৰ। তই মই ভাই, হৈছোঁ একে ঠাই, কথা কওঁ তোৰ মোৰ॥ ১৭ ॥ তই নৈঋ- ত্যত, মই ঐশান্যত, দুয়ো লগাই আছাঁ দ্বন্দ্ব। সাত লক্ষ ৰাজা, জিজ্ঞাসা কৰোক, কোন ভাল কোন মন্দ॥ আপোনাক তই, আপুনি বখান, সভাত ভাল বোলাই। পূৰ্ব্বৰ যতেক, তোতে সে কহিবোঁ, শুন শিশুপাল ভাই॥ ১৮ ॥ আমাৰ ঘৰক, কিয়নো গৈছিলি, ক মোত তাক বুজাই। কিসৰ নিমিত্তে, হেনযে কৰিলি, আসিলি ভাত নখাই॥ সি কথা গোটক, কৱাক নলাগে, ৰাজাৰ