পৃষ্ঠা:শিশুপাল বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৬ )


বাৰ্ত্তা পাই॥ ৪৫ ॥ দৈবৰ সংযোগে, একে সম- য়তে, দুয়ো ভৈলোঁ একঠাই। আনো ৰাজাগণ, সবেও গৈছিলে, দেবী পূজিবাক লাই॥ বসি ৰঙ্গে ঢঙ্গে, আছোঁ এক সঙ্গে, পাতি ৰাজ সভাখান। হাতে ফুল লৈ, দেউৰি আসিল, দেৱ পূজা অবসান॥ ৪৬ ॥ সবাহাৰ আগে, মোকে ফুল দিলে, সাদৰি দেউৰি লোক। তাহাৰো নিমিত্তে দুষ্ট, শিশুপালে, গালি পাৰিলেক মোক॥ দেউ– ৰিক হটি, মোক নানা ৰটি, মাতিলে কুল উঘাই। সিয়ো কালে আক, নকাটিয়া, থৈছোঁ, পেসীৰ বচন চাই॥ ৪৭ ॥ দদা সমন্বিতে, ক্ৰীড়িবাক গৈলোঁ, ৰৈৰত গিৰিক লাই। এই শিশুপালে, মোৰ নগৰক, পুড়িল অগ্নি লগাই॥ আমাক নেদেখি, নগৰ খানক্‌ কৰিলেক ইতো ছন্ন। সিয়ো ৰাৰ আক, নকটি এড়িলোঁ, পেসীৰ চাহি বচন॥ ৪৮ ॥ আৰু এক বাৰ গৈলোঁ ফুৰিবাক, উত্তৰা ভূমিক লাই। কুৰু