সমললৈ যাওক

পৃষ্ঠা:শিশুপাল বধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )


পাণ্ডৱৰ, যতেক কুমাৰ, সবে ভৈল এক ঠাই॥ উমলি জুমলি, পৰম আনন্দে, আছিলোঁ খেড়ি খেলাই। সিয়ো কালে মোৰ, নগৰ পুড়িল, তিনি গুণা ছেগ চাই॥ ৪৯ ॥ মোৰ জ্ঞাতি লোক, যত পাইলে মানে, গৈল অপকাৰ কৰি। সিয়ো কালে আক, কাটিয়া থৈছোঁ, পেসীৰ বাক্য সুমৰি॥ অশ্বমেধ যজ্ঞ, কৰিবাক লাগি, পিতৃয়ে মেলিলে হয়। বাপৰ যজ্ঞৰ, ঘোড়াক ধৰিলে, শিশু- পাল দুৰাশয়॥ ৫০ ॥ নিজ বাহু বলে, আনি লোহোঁ ছলে, সি পুনু ঘোড়া মেলাই। সিয়ে বাৰ আক, নকাটিয়া থৈছোঁ, পেসীৰ বচন চাই॥ দদা সমন্বিতে, মাঘত স্নানিলোঁ, গঙ্গাৰ জলত নামি। অতা দৈই নামে, এই শিশুপালে, হৰিলে মোহোৰ মামী॥ ৫১ ॥ লোক গৰিহিত, কৰ্ম্ম আছৰিলে, ই পুনু শৈলাত ভাই। সিয়ো বাৰ আক, নকাটি এড়িলোঁ, পেসীৰ বচন চাই॥ ফাল্গুন মাসত, অতি প্ৰভাতত, দদাৰে দুগুটী ভাই। পৰমআনন্দে, দোভাই আসিলোঁ, বুঁপাৰ নগৰচাই॥ ৫২ ॥ বেলা অবসান, দেখি দুই জন, লড়ি ভৈলোঁ