সমললৈ যাওক

পৃষ্ঠা:শিশুপাল বধ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৫ )


কালি কৰি, বাঢ়িল সুন্দৰী, দিন কতিপয় গৈল। বাপৰ ঘৰত, আছন্ত ৰুক্মিণী, কালে বোধ- ৱতী ভৈল॥ ৪২ ॥ মোৰ কথা শুনি, অতি হাবিলাসে, ভজিলেক স্বামী বুলি। কায় বাক্য মনে, মোকেসে আৰাধে, তথাপিতো কহে উলি॥ বাপৰ মাৱৰ, বৰ হাবি আশ, মোত বিহা দিবে লৈই। কেৱলে মোহোৰ, নাম নুশুনয়, ৰুক্মিণীৰ বড় ভাই॥ ৪৩ ॥ এই পাপীষ্ঠত, বিহা দিবে খোজে, সঙ্কেত জানিয়া সতী। ভাই বান্ধবত, বাপত মাৱত, বিৰলে পাঠাইলা মাতি॥ হেন বাৰ্ত্তা পাই, মই খেদি যাই, আনিলোঁ ৰথত তুলি। আপোনাৰ ভাৰ্য্যা, আপুনি আনিলোঁ, ইটো মৰে কি বুলি॥ ৪৪ ॥ বাট ভেটি গৈয়া, কন্দল পাতিলে, অনেক ৰাজা মতাই। সিয়ো বাৰ আক, নকাটিলোঁ মই, পেসীৰ বচন চাই॥ আঘোন মাসত, দেবী পূজিবাক গৈলোঁ মনে অবগাই। এই শিশুপালে, তৈক লাগি গৈল, মই যোৱা