পৃষ্ঠা:শিশুপাল বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪ )


লগাই আছে ঘাঞ্চ, বাৰম্বাৰ দিছোঁ ঠায়। সিস- বক নুহি, কহিবাক যোগ্য, তাক কহোঁ সমুদায়॥ আমাৰ ঘৰলৈ, পূৰ্ব্বত গৈছিলে, নানা চল চন্দ ভাৱে। ওঁমলোঁ যোমলোঁ, বুলিয়া আঝুৰি, বল- জুখি বাক চাৱে॥ ৩৮ ॥ কথা বুজি মই, হেম্পোচ মাৰিলোঁ পড়িল বাগৰি যাই। তাৰেসে নিমিত্তে, দুৰাচাৰে ৰোষে, আসিল ভাত নখাই॥ আৰু ছিদ্ৰ পাই, পাৰে মানে মোক, ইটো পাৰি- লেক গালি। সিয়ো বাৰ আক, নকাটিয়া, হৈছোঁ পেসীৰ বচন পালি॥ ৩৯ ॥ ৰুক্মিণী কন্যাৰ, যি কথা কহিলে, দুষ্ট দৰ্পে তুলি শিৰ। সাত লক্ষ ৰাজা, সকলে শুনিবা, কথা কহো ৰুক্মিণীৰ। ভীষ্মক যে নামে, ৰাজা আছিলেক, কুলিৰ অধিপতি। ৰুক্মিণী নামত, মোৰ সধৰ্ম্মিণী, তাৰ ঘৰে উতপতি॥ ৪০ ॥ সৰ্বাঙ্গে সুন্দৰী, ৰূপে বিদ্যাধৰী, নিতে বাঢ়ে আন হুই। পুত্ৰতো অধিক, আতি স্নেহ কৰে, তান মাৰ বাপ দুই॥ আজি