পৃষ্ঠা:শিশুপাল বধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৩ )



দুলৰি।

পাছে নাৰায়ণ, শুনি কতোক্ষণ, মনত জিজ্ঞাসি চাই। আৰু কত বেলি, থাকিবোহোঁ মই, দুষ্টৰ বল বধাই॥ এতেক কহিলোঁ, শুনা- ইলোঁ বুজাইলোঁ, তভো শিশুপাল ভাই। মৰিবাক লাগি, দুষ্ট শিশুপাল, দুগুণে বাঢ়িলি যাই॥ ৩৫ ॥ পূৰ্ব্বাপৰ যত, ৰাজ সমাজত, কদৰ্থিলি তাক কওঁ। শুনা ৰাজগণ, আমাৰ বচন, দুৰ্জনৰ শাস্তা হওঁ॥ এতেক বচন, বুলি নাৰায়ণ, মনে সাৰ কৰি লৈলা। ৰাজা সকলত, কথা কহি- বাক, মাধৰ সমুখ ভৈলা॥ ৩৬ ॥ চাৰি লক্ষ নৃপ, দুই লক্ষ ৰাজা, এক লক্ষ ৰাজেশ্বৰ। যুধিষ্ঠিৰ ৰাজা, সভা পাতিচন্ত, ৰাজা যে সাত লক্ষৰ॥ এতেকে ৰাজায়ে, শুনিয়া আছাহা, নিদিলাহা ভঙ্গ জয়। আবে সভাসদ, সবে শুনিয়োক, কহিবোঁ মই নিশ্চয়॥ ৩৭ ॥ মোত সাঞ্চে সাঞ্চ,