এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )
ভাঙ্গো বুলি বড় দৰ্প কৰে। নজানিয়া
একো নীচে, মেৰুক বিচনি বিচে, বিচনি
বাৱেকি মেৰু লৰে॥ তই সেই পটন্তৰ,
মান্য লৈবে খোজ মোৰ, সমাজত বাতুল
চেঞ্চাই। আছোক মান্যক পাইবি, অব
শ্যেকে মৰি যাইবি, সমাজত শিশুপাল ভাই
॥ ৩৩ ॥ নমো নমো নাৰায়ণ, চিদানন্দ নিৰ-
ঞ্জন, তযু পদে পশিলোঁ শৰণে। তোমাৰ
চৰণ দুই, মোৰ মনে থাকে ছুই, নপাসৰো
জীবণে মৰণে॥ এহি মানে মাগোঁ বৰ,
কৃপা কৰা দামোদৰ, মুখে নছাড়োক তযু নাম।
জানি সভাসদ লোক, সবাহাৰে গতি হোক,
নিৰন্তৰে বোলা ৰাম ৰাম॥ ৩৪ ॥
⸻⸻