পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষা-দানৰ প্ৰণালী

এবাৰ মাত্ৰ দেখি না শুনি মনত ৰাখিব পাৰোঁ। সকলো মানুহৰে দুটা এটা তেনে ঘটনাৰ স্মৃতি থাকে। যি বিষয়ত মনোযোগ বেছি দিয়া হয়, আৰু যি বিষয় বাৰ বাৰ অভ্যাস কৰা যায়, সেই বিষয়ো মনত থাকে। চতুৰ্থত, যি বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ সংযোগ যিমান বেছিকৈ ঘটে সেই বিষয় তিমান সহজতে মনত থাকে।

  মনত পৰাৰ, অৰ্থাৎ স্বৰ বেৰাৰ কাৰণ সংযোগ। অলপ আগতে মোৰ জ্বৰ হোৱাৰ কথা মনত পৰিল। কাৰণ, জ্বৰ হোৱাৰ দিনালৈকে মই এই প্ৰৱন্ধ নকল কৰিছিলোঁ। জ্বৰ হোৱাৰ দিনাৰপৰা আজিহে আকৌ এই কাম হাতত লৈছোঁ। ইয়াত এই বহি-কাগজ-লিখন ইত্যাদিৰ লগত জ্বৰ হোৱা কথাটো সংযুক্ত হৈ আহিল। প্ৰথম বিধ চকুৰ আগত পৰা মাত্ৰকে দ্বিতীয় বিধৰ স্মৰণ হল। কোনো এটা কথা হঠাৎ মনত পৰা যেন পালে, এই দৰে তাৰ আগৰ কথা ভাবি চাবা, দেখিবা যে কোনোটো কথাই মনত নপৰে; তাৰ পূৰ্বৰ কথাৰ লগত সেই কথাৰ কিবা প্ৰকাৰৰ সংযোগ আছেই; অনেক সময়ত সেই সংযোগ গুপ্ত ভাৱে থাকে, অলপ ভাবি চালেহে ধৰিব পাৰি।

  সেই দেখি কোনো কথা এটা মনত পেলাব লাগিলে তাৰ সংযোগ বিচাৰি চাব লাগিব। ধৰা, অলি বাটত এজন মানুহ দেখিলা, মুখ চিনি পালা, কিন্তু নাম নাজানা আৰু এই মানুহ