পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯২
শিক্ষা-বিচাৰ


জনে কি কৰে তোমাৰ লগত কেনেকৈ চিনাকি এইবিলাক কথাও মনত নপৰে। তেতিয়া কি কৰিবা? তুমি ভাবিব লাগিব এনেকুৱা দীঘল জাঙিৰ গোফ থাকা মানুহ কত দেখিছিল। তোমাৰ মনত পৰিল তুমি কোনো বন্ধুৰ ঘৰত থাকোতে তেওঁৰ লগত এনে মানুহ এজনৰ ঘৰ গৈছিলা। তাৰপৰা তোমাৰ স্মৰণ সহজ হৈ আহিল-এওঁ অমুক মৌজাৰ মৌজাদাৰ, কেইবছৰমান পূৰ্বে তুমি তোমাৰ বন্ধুৰ লগত এওঁৰ ঘৰক গৈছিলা, তেতিয়া তোমাক এওঁ অনেক আদৰ সাদৰ কৰি জা-জলপান খুৱাই পঠাইছিল। তাৰ পাছত তেওঁৰ সম্বন্ধে অনেক কথা মনত পৰিব⸺তেওঁৰ চৰা ঘৰটো, তাৰ মেজ-মাচিয়া, তেওঁৰ কথা-বাতৰা লৰা-ছোৱালী ইত্যাদি। এই আটাইবিলাক মনৰ মুলত সংযোগ। ইটোৰ পৰা সিটো, সিটোৰ পৰা তাৰ পাছৰটো--এই ক্ৰমে নানান কথা মনত পৰি যায়।

 স্মৰণৰ মুল সংযোগ বুজিব পাৰি, আমি কৃত্ৰিম উপায়েৰে কথা মনত ৰাখিবলৈ বিচাৰোঁ‌। কাপোৰত গঠি দি থৈ কথা মনত পেলোৱাৰ উপায় বুদ্ধিটো সকলোৰে জনাজাত। ইয়াৰ মূলতো এই কথা। গঠি-টো হাতত লাগিলেই মনত পৰিব কিয় গাঠি দিছিলা, তাৰপৰা তোমাৰ আৱশ্যকীয় কাম সিদ্ধ হব। খুটাত বা মাৰি থোৱা, কোনো বিশেষ ঘটনাৰ স্মাৰক ৰূপে গছ-পুলি ৰোৱা⸺ আটাইবিলাকৰ মূলত সংযোগৰ নিয়ম।