পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
শিক্ষা-দানৰ প্ৰণালী

জিভা বাক্‌যন্ত্ৰ প্ৰভৃতি ইন্দ্ৰিয়লব্ধ ধাৰণা একে যোগ হৈ সেই বস্তু বা কথাৰ জ্ঞান পৰিপুষ্ট হয়।

 এই কাৰণে নিয়ম আছে, কোনো কথা শিকিবলৈ যিমান বেছি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব পাৰা তিমানে শিক্ষা সহজ আৰু জ্ঞান পুষ্ট হব।


 ১২। মনৰ প্ৰকৃতি এই যে সি কোনো এটা নতুন ধাৰণা গ্ৰহণ কৰা মাত্ৰকতে পুৰণা তুলনা আৰু সংযোগঅভিজ্ঞতাৰ কোনো শ্ৰেণীত পেলাবলৈ বিচাৰে। অভিজ্ঞতাৰ শ্ৰেণী অৰ্থ এই— আমাৰ জ্ঞান-সমষ্টি বিশৃংখল হই থাকা নাই, শ্ৰেণীবদ্ধ হৈ হে আছে। যেনে, ‘মানুহ’ বুলিলে অভিজ্ঞতাৰ এটা অংশ বুজায় সি এক শ্ৰেণীৰ; ‘গৰু’ বুলিলে অভিজ্ঞতাৰ যিটি অংশ বুজায় সি আন এক শ্ৰেণীৰ। একপ্ৰকাৰে ‘গজ’, ‘লণ্ডন’, ‘দয়া’, ‘হিংসা’, ‘ভাল, ‘যোৱা’—ইত্যাদি প্ৰত্যেক শব্দকে এক প্ৰকাৰে আমাৰ অভিজ্ঞতাৰ ভিন ভিন শ্ৰেণীৰ নাম বুলিলেও বুলিব পাৰি।

 নতুন অভিজ্ঞতাক এই দৰৰ শ্ৰেণীবদ্ধ কৰিবলৈ মনৰ যি শক্তি তাৰ নাম তুলনা। শিক্ষিত-অশিক্ষিত সকলো লোকে অতিজ্ঞতাৰ শ্ৰেণী বিভাগ কৰে। কিন্তু নানা লোকৰ শ্ৰেণী বিভাগ অনেক সময়ত ভুল হয়; তাৰ ফলত জ্ঞান অপূৰ্ণ