পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
শিক্ষা-বিচাৰ

থাকে। এটা সাধাৰণ উদাহৰণ ধৰা যাক। বাদুলিক আমি চৰাই বুলিম নে জন্তু বুলিম? আমি অনেকে, চৰাইৰ দৰে বাদুলি পাখা আছে আৰু সি উৰি ফুৰে দেখি, বাদুলিক চৰাই হে বোলোঁ। কিন্তু আমি সাধাৰণতে এইটো নাজানো যে চৰাইৰ দৰে বাদুলিএ ডিমা নাপাৰে, জন্তুৰ দৰে ছানা হে জগায়। সেই দেখি ই যে চৰাই নহবও পাৰে এই কথাটো আমি নাভাবোঁ।

 তুলনা সম্বন্ধে এই কথাই বিশেষ মন কৰিব লগীয়া। আমি অনেক সময়ত বস্তুৰ বাহিৰ গুণৰ প্ৰতি বা সাধাৰণ দৃষ্টিত দেখা গুণৰ প্ৰতি মাত্ৰ মন দিওঁ; তাৰ লুকাই থাকা গুণবোৰৰ প্ৰতি শিক্ষাৰ অভাৱত মন দিব নোৱাৰোঁ। এই কাৰণে, কোনো বিষয়ে বিশেষ-বেত্তা লোকসকলে সেই বিষয়ে যিমান কথা জানে আনে নাজানে। নতুন কৈ শিকা বিষয়ে যিমান বেছি কথা আমাৰ পূৰ্বৰ অভিজ্ঞতাৰ লগত মিলাই লব পাৰোঁ, তিমানে সেই বিষয়ক জ্ঞান পূৰ্ণ হয়।

 তুলনা দুই প্ৰকাৰ—সদৃশ আৰু বিসদৃশ; অৰ্থাৎ, এইটো বস্তুৰ এইটোৰ লগত ইয়াতে মিল আৰু ইয়াতে অমিল; গতিকে ইয়াক অমুকৰ লগত এক শ্ৰেণীৰ কৰিব পাৰি, কিন্তু অমুকৰ পৰা ই বেলেগ।

 তুলনাৰ কাম শ্ৰেণীবদ্ধ কৰা। যি দৰে অনেক কাগজ থব লাগিলে, ভাগ ভাগ কৈ থহেহে, যেতিয়া যিখন লাগে