পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
শিক্ষা-বিচাৰ

কৰিব পাৰে, তেওঁ তিমান পৰিমাণে সংসাৰত কৃতকাৰ্য্য হয়। এই বাবে, পঢ়িব লাগা বা শিকিব লাগা বিষয়-বোৰৰ ভিতৰত এনে অংশ থাকিব লাগে যাৰ প্ৰতি ইচ্ছা-সাপেক্ষ মনোযোগ প্ৰয়োগ কৰাৰ আৱশ্যক হয়।

 ১১। পূৰ্বে আমি ইয়াকো পাই আহিছোঁ যে যিবিলাক বস্তু-বিষয়ক জ্ঞান আমাৰ মনত দৃঢ় ৰূপে বদ্ধমূল হৈছে বেলেগ বেলেগ ইন্দ্ৰিয়-
গহিত ধাৰণাবোৰক
পৰস্পৰ সম্বন্ধ কৰা
সেই-বোৰ বস্তুৰ সম্বন্ধে কোনো এটা ইন্দ্ৰিয়ৰ ধাৰণা পাই তাৰ অনেক কথা কব পাৰোঁ। এই ঘৰত বহি আছোঁ; দূৰত সংগীতৰ শব্দ। হাৰমোনিয়ামটো কেনে, কিমান ডাঙৰ, কেনেকৈ তাক বজায়— ইত্যাদিবিলাক কথা মনত হয়। কাৰণ হাৰমোনিয়াম সম্বন্ধে যিবিলাক ধাৰণা সেইবিলাক পৰম্পৰ সম্বন্ধ হৈ আছে।

 এই দেখি যি বিষয়ত আমি বিশেষ প্ৰকাৰে জ্ঞান লাভ কৰিব বিচাৰোঁ, যদি সেই বিষয়টো ইন্দ্ৰিয়-গ্ৰাহ্য হয়, তেন্তে প্ৰতিটো ইন্দ্ৰিয়ৰ সহায়েৰে তাক গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগিব। কেৱল চিন্তা-শক্তিৰ সহায়ত শিকিব লগীয়া বিষয় হলেও, তাৰ সম্বন্ধে শুনি, তাৰ কথা কই, তাৰ বিষয় লিখি, যিমান প্ৰকাৰে পাৰি তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া বস্তু বা কথা সম্বন্ধে চকু কাণ হাত-ভৰি