সাধাৰণ যে সিহঁতৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি প্ৰায় নাই। কিন্তু গৰুৰ ভৰি চাৰিখানৰ গঠন, তাৰ ফালা খুৰা ইত্যাদি- বিলাক কথা, বা কলমৰ মুখ ফালা মাজত ফুটা, এনেবিলাক কথা, আলোচনা কৰিবলৈ আৰম্ভ কৰা; দেখিবা বেছি ভাগ লৰাই তোমাৰ ব্যাখ্যা মন দি শুনিছে। সেই দেখি যেতিয়া কোনো পৰিচিত বিষয়ৰ সম্বন্ধে পাঠ দিবলৈ আৱশ্যক হয়, তেতিয়া তাৰ সম্বন্ধে ছাত্ৰই নাজানা কথা শিকাবলৈ যত্ন কৰিব লাগে।
কিন্তু সম্পূৰ্ণ নতুন বা নাজানা কথায়ো আকৌ মনোযোগ আকৰ্ষণ কৰিব নোৱাৰে। যেনে, মই জন্তু-তত্ত্ব-বিষয় একো নাজানো। প্ৰথমতে যদি এই বিষয়ক কঠিন ওখ-চাপৰ পুথি কিনি আনি পঢ়িবলৈ আৰম্ভ কৰোঁ, তেন্তে নিশ্চয় মই এই বিদ্যা কেতিয়াও আয়ত্ত কৰিব নোৱাৰোঁ॥ কিন্তু যদি প্ৰথমতে জন্তুবোৰৰ খাদ্যা-খাদ্য আচাৰ-ব্যাৱহাৰ বিষয়ক গ্ৰন্থৰপৰা আৰম্ভ কৰোঁ, তেন্তে কালত এই বিষয়ে মোৰ যথেষ্ট জ্ঞান হব পাৰে।
ইয়াৰ পৰা শিক্ষা-দানৰ আন এটা নিয়ম পোৱা যায়— 'নতুনক পুৰণি কৰা'। ইয়াৰ অৰ্থ এই—যেতিয়া কোনো এটা এনে বিষয় পোৱা যি তোমাৰ ছাত্ৰৰ পক্ষে সম্পূৰ্ণ নতুন, তেতিয়া বিচাৰি চাব। ছাত্ৰৰ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তাৰ সংযোগ ঘটাব পাৰি নে নাই। সাধাৰণতে,